অসম

কলগাছিয়াৰ বৰডাংগাত বেঁকী নৈৰ সংহাৰী ৰূপ, ৩ কৌটি টকীয়া নৱনিৰ্মিত মথাউৰিলৈ ভাবুকি ১০৬ খন গাও প্লাবিত হোৱাৰ আশংকা জিলা উপায়ুক্তক সাক্ষাৎ সাংবাদিকৰ

 

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰ : যোৱা কিছুদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত বেঁকী নদীৰ পানী বাঢ়ি অহাৰ লগে লগে জনীয়া সমষ্টিৰ কলগাছিয়াৰ বৰডাংগা, কামাৰপাৰাত
খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰা পৰিলক্ষিত হৈছে। কলগাছিয়া – খাটাকুছি গড়কাপ্তানি পকী পথটো পুনৰ ১০০ মিটাৰৰ বেছি খহাই নিয়াৰ লগতে নতুনকৈ ৩ কৌটি টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত মথাউৰি লৈৱো তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ফলত নৈ পৰীয়া ৰাইজৰ মাজত হাহাকাৰ লাগিছে। মথাউৰি ছিঙিলে কলগাছিয়া ৰাজহ গাৱৰ জমেৰকুৰ, কলগাছিয়া, দেউকুৰা, বিলৰটাৰী, লাচাংগা, গুইলেজা, হালধীয়া পাথাৰ, ডিমাপুৰ, খাৰবাল্লী, আমগুৰি, গুনিয়ালগুৰি, বালাগাও, বালিকুৰি, মইনবৰী, বৰটাৰী বৰভিটা আদি কৰি ১০৬ খন গাও প্লাৱিত হোৱাৰ আশংকাত ৰাইজৰ শংকিত হৈছে। ইয়াৰ ফলত অন্চলটোৰ হাজাৰ হাজাৰ খেতি পথাৰ, মাছ পালন কৰা শ শ পুখুৰী, বহু শিক্ষানুষ্ঠান, ৰাস্তা ঘাট আদি বিধ্বস্ত হোৱাৰ সম্ভাৱনা আছে। ইফালে নৈ খনৰ পাৰত থকা কামাৰ পাৰা হাই মাদ্ৰাছা, বৰডাংগা প্ৰাথমিক বিদ্যালয় আৰু খাটাকুছি প্ৰাথমিক বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে নৈ খনৰ খহনীয়াত শংকিত হৈ পৰিছে। নৈ খনৰ পাৰে পাৰে থকা বহু পৰিয়ালৰো টোপুনি নাইকীয়া হৈ পৰিছে। চিন্তিত হৈছে বিভিন্ন দল সংগঠনৰ লগতে শিক্ষা সচেতন মহলেও।

সেয়েহে নৈ- খনৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে বিদ্যালয় কেইখন অচিৰেই পানীত বিলীন হৈ যাব বুলি ধাৰনা কৰিছে ৰাইজে। খহনীয়া প্ৰতিৰোধ আৰু মথাউৰি ৰক্ষা কৰি বৃহত্বৰ কলগাছিয়া অঞ্চলৰ ৰাইজক উপকাৰ কৰাৰ স্বাৰ্থত আজি আমছুৰ ৰাজ্যিক প্ৰাক্তন সভাপতি ছামচুল হক, নিউজ লাইভৰ সাংবাদিক আব্দুল হাই, বৰডাংগা নিবাসী আবুল কালাম আজাদ, আব্দুৰ ৰেজ্জাক আৰু ফকৰুল ইছলামে বৰপেটা জিলা উপায়ুক্তক সাক্ষাৎ কৰি বেকী নদীৰ ভয়াবহ খহনীয়া, নৱনিৰ্মিত মথাউৰি আৰু বানপানীৰ ভয়াবহতা সম্পৰ্কে আলোচনা কৰে। বাৰিষাৰ প্ৰথমেই মথাউৰি ছিঙিলে জুন, জুলাই আৰু আগষ্ট এই তিনি মাহ কলগাছিয়াৰ ১০৬ খন গাও বানপানীত আৱদ্ধ হোৱাৰ ভয়ত বহুতেই দিকবিদিক হেৰাই পেলাইছে। এইক্ষেত্ৰত বিভিন্ন দল-সংগঠনে স্হানীয় বিধায়ক, জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ কামনা কৰি অচিৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related Articles

Leave a Reply

Close