Home / অসম / কাজিৰঙাত বন কৰা মহিলাক শাৰীৰিক নিৰ্যাতন : কঁহৰা আৰক্ষী চকীত গোচৰ ৰুজু

কাজিৰঙাত বন কৰা মহিলাক শাৰীৰিক নিৰ্যাতন : কঁহৰা আৰক্ষী চকীত গোচৰ ৰুজু

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ: কাজিৰঙাত সংঘটিত হৈছে বন কৰা মহিলাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ দৰে এক চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীৰ এজন ব্যৱসায়ীয়ে আন স্থানৰ পৰা আনি কাজিৰঙাৰ গেলেকিৰ নিজা বাসগৃহত থাকিবলৈ দিয়া এগৰাকী বনকৰা মহিলাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইফালে, বনকৰা মহিলাগৰাকীয়ে কহঁৰা আৰক্ষী চকীত কৰা অভিযোগৰ ভিত্তিত বোকাখাত থানত এক গোচৰো ৰুজু কৰা হৈছে ৷ জানিব পৰা মতে, গুৱাহাটীৰ জনৈক বৈশ্য উপাধিধাৰী এজন ব্যৱসায়ীয়ে কাজিৰঙা গেলেকিত নিৰ্মাণ কৰা এটা ঘৰত প্ৰায় তিনি বছৰ আগতে এগৰাকী মহিলাক বনকৰা মহিলা হিচাবে থাকিবলৈ দিয়ে ৷ বনকৰা মহিলা গৰাকীয়ে উত্থাপন কৰা অভিযোগ মতে, বিগত তিনি বছৰ ধৰি বৈশ্যৰ কাজিৰঙাস্থিত বাসগৃহত কৰ্মৰত অৱস্থাত থকা মহিলাগৰাকীক বিগত কিছু দিন ধৰি বৈশ্যই মহিলা গৰাকীৰ অকলশৰীয়া অৱস্থাৰ সুবিধা লৈ মহিলা গৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে মহিলাগৰাকীৰ ৫ বছৰীয়া সন্তানটিকো মাৰ-ধৰ কৰি আহিছে । নিৰ্যাতন সহিব নোৱাৰি মহিলা গৰাকী বুধবাৰে কাজিৰঙা গেলেকিৰ স্থানীয় লোকৰ কাষ চাপে । এটা ৫ বছৰীয়া সন্তানৰ মাতৃ মহিলা গৰাকীক বুধবাৰে শেখৰ বৈশ্যই ফোন কৰি অনৈতিক কাৰ্য্য কলাপত লিপ্ত হোৱাৰ প্ৰস্তাৱ দিয়ে যাৰ বাবে মহিলা গৰাকী পলাই আহি স্থানীয় লোকৰ কাষ চাপে । শেখৰ বৈশ্য গুৱাহাটীৰ পৰা আহি কাজিৰঙা পোৱাৰ পূৰ্বে স্থানীয় লোক আৰক্ষীক খবৰ দি মহিলা গৰাকীক গতাই দিয়ে। আনহাতে মহিলা গৰাকীয়ে দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে শেখৰ বৈশ্যক বিচাৰি অভিযান চলাইছে যদিও দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। ইফালে, স্থানীয় লোকে দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰিবলৈ দাবী জনায়, অন্যথা প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে।, মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত কঁহৰা আৰক্ষী চকীত দিয়া BKT 216/18 নং গোচৰত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৪২,৩৭৬ আৰু ৫০৬ ধাৰাত ৰুজু হৈছে গোচৰ। অভিযুক্ত শেখৰ বৈশ্যক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*