বিনোদনশীৰ্ষ

“কালাৰ” জড়িয়তে ধামাকেদাৰ এন্ট্ৰি ৰজনিকান্তৰ

এন্টাৰটেইন্টমেন্ত ডেস্ক, প্ৰথম খবৰ: অভিনেতা ৰজনিকান্তৰ ছবি মানে এক শিহৰণ তথা একচন ডাইলগৰ সমাহাৰ। ৰজনিকান্তে নিজৰ ফেন সকলৰ কাৰণে জোৰদাৰ অৱতাৰত প্ৰত্যাৱৰ্তণ কৰিছে।তেওঁৰ আগন্ত্তক ছবি “কালা”ৰ ট্ৰেলৰ ইতিমধ্যে ৰিলিজ হৈছে। এই ট্ৰেলৰত ৰজনিকান্ত নিজৰ চিৰ-পৰিচিত ভূমিকাৰ পৰা ব্যতিক্ৰম ৰুপত আত্মপ্ৰকাশ কৰিছে।ট্ৰেলৰত নানা পাটেকাৰক এজন নেতাৰ ভূমিকাত দেখিবলৈ পোৱা গৈছে,আৰু ‘কালা’ ৰজনিকান্তক ৰাৱন বুলি অভিহিত কৰিছে।ট্ৰেলৰত ৰজনিকান্তক কিছু বেলেগ ৰুপত দেখিবলৈ পাব দৰ্শকে। এইবাৰ ৰজনিকান্ত আগতকৈ ষ্টাইলিছ আৰু ভাইব্ৰেন্ত ৰুপত আত্মপ্ৰকাশ কৰি আছে। ‘কালা’ ছবিখনত একচন আৰু ডাইলগৰ সমাহাৰ ঘটিব। ছবিখনৰ কাহিনি মুম্বাইৰ ধাৰাবী বস্তি অঞ্চলৰ পতভূমিত চিত্ৰিত। ৰজনিকান্তৰ ‘কালা’ নিশ্চিত:ভাৱে বলিউডত খলকনিৰ সৃষ্টি কৰিব বুলি দৰ্শকে অনুমান কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close