অসম

কৃষ্ণাই শালপাৰাৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা, ঘটনাস্থলীতে নিহত ৩জন

দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: শুকুৰবাৰে দিনৰ প্ৰায় ১১বজাত গোৱালপাৰা জিলাৰ কৃষ্ণাই শালপাৰাৰ মাজত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত স্কোৰপিঅ’ আৰু জাইলোৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত তিনিজন ব্যক্তি থিতাতে নিহত বুলি জানিব পৰা গৈছে।

এই প্ৰচণ্ড সংঘৰ্ষৰ ফলত দুয়োখন গাড়ী পথৰ দাতিত লুটি খাই বাগৰি পৰে। ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ দি থকাৰ ফলত বিতং বাতৰি দিব পৰা হোৱা নাই।

আনহাতে, স্কৰপিঅ’ গাড়ীৰ আৰোহী গোৱালপাৰা জিলাৰ এচিস্টেন্ট কমিচনাৰ স্নিগ্ধামিঠাক পাংচাৰক গুৰুতৰভাৱে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা চিভিললৈ পঠোৱা হৈছে।

Related Articles

Leave a Reply

Close