Home / অসম / কেৰাচিন তেল ঢালি জলাই দিলে বোৱাৰীক,উত্তপ্ত গোলকগঞ্জ

কেৰাচিন তেল ঢালি জলাই দিলে বোৱাৰীক,উত্তপ্ত গোলকগঞ্জ

প্ৰথম খবৰ,গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড গাঁৱত ফৰিজুল ৰহমানৰ পত্নী হাজেৰা বিবি(২২)ক মাৰপিট কৰি কেৰাচিন তেল ঢালি জ্বলাই দিয়া ঘটনাই সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । এজাহাৰ মতে,যোৱা নিশা হাজেৰা বিবিক মাৰপিট কৰি কেৰাচিন তেল ঢালি জ্বলাই দিয়ে। হাজেৰাৰ পিতৃয়ে উক্ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ গৃহৰ কোঠালীৰ ভিতৰত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰি ১০৮ মৃত্যুঞ্জয় গাড়ীৰে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ যায় কিন্তু আজি ৰাতিপুৱা বোৱাৰী গৰাকীয়ে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বুলি জনা গৈছে। উক্ত ঘটনাৰ সন্দৰ্ভত হাজেৰা বিবিৰ পিতৃ হজৰত আলীয়ে গোলকগঞ্জ আৰক্ষী থানাত ফৰিজুল ৰহমান,আনছাৰ আলী,ফজিলা বিবি, আকলিমা বিবি,আঞ্জু খাতুনে মাৰপিট কৰি বোৱাৰী গৰাকীৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়ে বুলি দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*