অসমশীৰ্ষ

কে এম এছ এছৰ বৃহৎ গণ আন্দোলন আৰম্ভ

নিউজ ডেস্ক, প্ৰথম খবৰ: শনিবাৰে এক সংবাদমেল যোগে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণ আনোলনৰ কথা ঘোষণা কৰাৰ পিছতে দেওবাৰৰ পৰা কে এম এছ এছে আৰম্ভ কৰিলে এই বৃহৎ আন্দোলনৰ কাৰ্যসূচী৷

অসম আন্দোলনৰ শ্বহীদ দুলাল শৰ্মাৰ প্ৰতিমূৰ্তিৰ তলত আন্দোলনৰ ৰক্তবৰ্ণ সংকল্প লৈ যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহয় তেতিয়ালৈকে এই আন্দোলন চলাই নিয়াৰ বাবে কে এম এছ এছে আৰম্ভ কৰিলে এক বৃহৎ গণ সচেতনতা অভিযান৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সকলোকে স্বতস্ফূৰ্তভাৱে ওলাই আহিবলৈ মহানগৰীৰ বেলতলা বজাৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমে আৰম্ভ কৰে প্ৰচাৰ পত্ৰ অভিযান৷ সৰ্বস্তৰৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ প্ৰচাৰ পত্ৰ বিতৰণ কৰাৰ পিছত শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, নগাও, তেজপুৰ আৰু বৰপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৃহৎ সজাগতা সভা অনুষ্ঠিত কৰি ১ লাখ লোকৰ উপস্থিতিত গুৱাহাটীতো অনুষ্ঠিত কৰিব এখন বৃহৎ জনসভা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close