শীৰ্ষৰাষ্ট্ৰীয়

কোহলীৰ প্ৰত্যাহ্বান গ্ৰহণ মোডীৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: বিভিন্ন সময়ত দেশৰ নাগৰিকৰ সু-স্বাস্থ্যৰ বাবে মন্ত্ৰীসকলে তথা ভাৰত চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিন্তু বৰ্তমান সময়ত দেশৰ নাগৰিক সকলৰ সু-স্বাস্থ্য অতুত ৰখাৰ বাবে এক বিশেষ কাৰ্য চলি থকা প্ৰচলিত হৈ থকা পৰিলক্ষিত হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী তথা অলিম্পিকত ছিলভাৰ মেডেল লাভ কৰা ৰাজ্যবৰ্ধন সিঙ ৰাঠোড়ে কিছু দিন পূৰ্বে টুইটাৰ যোগে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী, জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশন তথা বেডমিণ্টন খেলুৱৈ চাইনা নেহৱালক এক ভিডিঅ’ যোগে শাৰীৰিক ֹঅনুশীলন কৰি ফিটনেছ অনুশীলনৰ জনাইছিল।

মন্ত্ৰীগৰাকীৰ প্ৰত্যাহ্বান অধিনায়ক কোহলীয়ে গ্ৰহণ কৰা বুধবাৰে এটা ভিডিঅ’ত পৰিলক্ষিত হয়। অধিনায়কগৰাকীয়ে ভিডিঅ’টোত শাৰীৰিক অনুশীলন কৰাৰ লগতে প্ৰচলন হৈ থকা এই কাৰ্য্য চলি থকাৰ হেতুকে ভাৰতীয় দলৰ পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী, পত্নী অনুস্কা শৰ্মাক তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰত্যহ্বান জনোৱা ভিডিঅ’টোত পৰিলক্ষিত হৈছে।

কোহলীৰ প্ৰত্যাহ্বানক সমৰ্থন জনাই বৃহস্পতিবাৰে এক টুইটাৰ যোগে এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। লগতে মন্ত্ৰীগৰাকীয়ে কিছু দিন পিছত তেওঁৰ শাৰীৰিক অনুশীলনৰ ভিডিঅ’ প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close