শেহতীয়া
Home / শীৰ্ষ / কৰ্ণাটকৰ নাটক, জংক-পংক অংকৰ মাজতে শপত

কৰ্ণাটকৰ নাটক, জংক-পংক অংকৰ মাজতে শপত

নেচনেল ডেস্ক,প্ৰথম খবৰ: এতিয়াও যৱনিকা পৰা নাই কৰ্ণাটক নাটকৰ। নিৰ্বাচনৰ ফলাফলৰ পিছত আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী পদত শপত গ্ৰহণ কৰিছে বিজেপি নেতা বি এছ য়েডুৰাপ্পাই। এই শপত গ্ৰহণ বাতিল কৰিবৰ বাবে কংগ্ৰেছ আৰু জে ডি (এছ)এ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চতম ন্যায়ালয়ে শপত গ্ৰহণ কৰাৰ প্ৰত্যাহাৰৰ দাবী প্ৰত্যাখ্যান কৰে। ১৫ দিনৰ ভিতৰত বিজেপিক সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিবলৈও নিৰ্দেশ দান কৰিছে উচ্চতম ন্যায়ালয়ে। শপত গ্ৰহণক লৈ এতিয়া কংগ্ৰেছে বিধানসভাৰ  সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰৱৰ্তী সময়ত কৰ্ণাটকৰ এই নাটকে কি ৰূপ লয় সেয়া বিশেষভাৱে লক্ষ্যনীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*