অসমশীৰ্ষ

কৰ্ণাটক নিৰ্বাচনৰ পিছত গুৱাহাটীত একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ দাম

নিউজ ডেস্ক, প্ৰথম খবৰ: বহু আকাংশীত কৰ্ণাটক নিৰ্বাচন শেষ হোৱাৰ লগে লগে যেন অস্বাভাৱিক ভাৱে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধীয়ে জলা কলা খোৱাইছে সৰ্বসাধাৰন ৰাইজক। বিগত কিছুদিন ধৰি কেন্দ্ৰীয় চৰকাৰে অস্বাভাৱিক হাৰত পেট্ৰল-ডিজেলৰ দাম বঢ়াই আছে যিয়ে সৰ্বসাধাৰম ৰাইজক ভাবিবলৈ বাধ্য কৰাইছে।বৰ্তমান গুৱাহাটী মহানগৰীত পেট্ৰল ১৬ পইচা বৃদ্ধি হৈ ৭৭.১৯ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ২২ পইচা বৃদ্ধি হৈ ৬৯.৪৭ টকা হৈছে ।যোৱা মঙলবাৰে পেট্ৰলৰ দাম গুৱাহাটীত আছিলে ৭৭.০৩ টকা, সোমবাৰে আছিলে প্ৰতিলিটাৰত ৭৬.৮৭ টকা।

আনহাতে,মঙলবাৰে গুৱাহাটীত ডিজেলৰ দাম আছিলে ৬৯.২৫ টকা। সোমবাৰে প্ৰতিলিটাৰ ডিজেলৰ দাম আছিল ৬৯.০১ টকা ।এতিয়া প্ৰশ্ন হয় আৰু কিমানদিন কেন্দ্ৰীয় চৰকাৰে সৰ্বসাধাৰন ৰাইজৰ মুৰত কঠাল ভাঙি খাব ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close