অসম

খোৱাঙত প্ৰহসনত পৰিণত স্বচ্ছ ভাৰত অভিযান মিচন

খোৱাঙৰপৰা সঞ্জীৱ কোঁৱৰ,প্ৰথম খবৰঃ পৰিস্কাৰ পৰিচন্নতাই ঈশ্বৰ পৰায়নতা,আহক আমি নিজৰ অনুষ্ঠাটো পৰিস্কাৰ কৰি “স্বচ্ছতাই সেৱা” মূল মন্ত্ৰটোক সফল কৰো। এই বাণী খোৱাঙত যেন প্ৰযোজ্য হোৱা নাই তাৰেই এক স্পষ্ট প্ৰমাণ বৰ্তমান খোৱাং নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অপৰিস্কাৰ হৈ থকা খেল পথাৰখনে। যোৱা ৭ মে তাৰিখে উক্ত খেলপথাৰখনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল বহুৱা নাচ উৎসৱ। উক্ত কাৰ্য্যসূচীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহু কেইজন মন্ত্ৰী,সাংসদ আৰু বিধায়ক উপস্থিত আছিল। কিন্তু উক্ত কাৰ্যসূচীৰ পিছৰেপৰা খেল পথাৰখন অপৰিস্কাৰ হৈ আছে। বৰ্তমান খেলপথাৰখনত পৰি থকা পেলনীয়া সামগ্ৰী,পলিথিন আদিৰ পৰা এক দুৰ্গন্ধময় পৰিবেশ সৃষ্টি কৰিছে। চৰকাৰে সচ্ছ ভাৰতৰ ওপৰত যিমানেই সভা সমিতি, যিমানেই ডাঙৰ ডাঙৰ আখৰেৰে বেনাৰ লেখি প্ৰচাৰ কৰিলেও কিন্তু চৰকাৰৰ উক্ত কাৰ্যসূচী অনূষ্ঠিত হোৱা ১০ দিনৰ পছতো খেল পথাৰখন পৰিস্কাৰ নকৰা বিষয়টোৱে চৰকাৰৰ ফোপোলা স্বৰূপটো উদঙাই দিছে বুলি ৰাইজে অভিযোগ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close