শেহতীয়া
Home / অসম / গণতন্ত্ৰ ৰক্ষাৰ বাবে দীঘলী পুখুৰী পাৰত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

গণতন্ত্ৰ ৰক্ষাৰ বাবে দীঘলী পুখুৰী পাৰত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

নিউজ ডেস্ক, প্ৰথম খবৰ: কৰ্ণাটকৰ নিৰ্বাচনত ৯খন আসন কমি থকাৰ স্বত্তেও বিজেপিক চৰকাৰ গঠন কৰিবলৈ ৰাজ ভৱনৰ পৰা নিমন্ত্ৰণ জনোৱাৰ বাবে কংগ্ৰেছৰ লগতে আন বহুতো ৰাজনৈতিক দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কৰ্ণাটকত কোনে চৰকাৰ গঠন কৰিব তাৰ বাবে এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া চুইছে কৰ্ণাটকৰ ৰাজনীতিয়ে। কৰ্ণাটকৰ চৰকাৰ গঠন প্ৰক্ৰিয়াত বিজেপিয়ে যি নীতি বৰ্হিঃভূত কাৰ্য্য কৰিছে কংগ্ৰেছে তাক গণতন্ত্ৰৰ ধ্বংসমুখী যাত্ৰা বুলি অভিহিত কৰিছে।

গণতন্ত্ৰ ৰক্ষাৰ বাবে শুকুৰবাৰে দীঘলী পুখুৰী পাৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ এটি সজাতি দলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*