Home / Uncategorized / গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান

গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান

প্ৰথম খবৰ,চেঙা: অসমৰ সমাজ-জীৱনৰ অন্যতম অংগ গৰিয়া-মৰিয়া-দেশী লোক সকলৰ সুকীয়াকৈ জৰীপ আৰু বিশেষ সাংবিধানিক সুৰক্ষা তথা ইনাৰ-লাইন পাৰ্মিটৰ ব্যৱস্থা গ্ৰহণৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ৷ পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি আতিকুল হক আৰু সম্পাদক চলমান হুছেইনৰ নেতৃত্বত আজি উল্লিখিত দাবী সন্দৰ্ভত বৰপেটা জিলা উুপায়ুক্ত থানেশ্বৰ মালাকৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ পৰিষদে স্মাৰক-পত্ৰৰে কয় যে বৃটিছে অসম দখল কৰা দিনৰে পৰা আজিৰ বাংলাদেশৰ একেখনি ভূখণ্ডৰ পৰা যাক সেইসময়ত পূৰ্ববঙ্গ বুলি জনা গৈছিল, তেতিয়াৰে পৰা আজিলৈকে এই অসমভূমিলৈ প্ৰব্ৰজিত হৈ থকা লাখ লাখ প্ৰব্ৰজনকাৰীৰ আগ্ৰাসনত আজি অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া গৰিয়া-মৰিয়া-দেশী সকল, সকলো ফালৰ পৰা বিপৰ্যস্ত হৈছে । সংখ্যাত গৰিষ্ঠ হৈ পৰা ইছলাম ধৰ্মালম্বী প্ৰব্ৰজনকাৰী সকলৰ সৈতে ধৰ্মীয় একাকীকৰণৰ ষড়যন্ত্ৰৰ ফলস্বৰূপে গৰিয়া-মৰিয়া-দেশী সকল অসমত সংখ্যালঘু হোৱাই নহয়,খিলঞ্জীয়াৰ আনুষ্ঠানিক পৰিচয়ৰ পৰাও বঞ্চিত হৈছে। বহিৰাগতৰ ভয়ানকভাৱে বৃদ্ধি পোৱা জনসংখ্যাৰ প্ৰভাৱত গৰিয়া-মৰিয়া-দেশী সকল ৰাজনৈতিক,অৰ্থনৈতিক আদি সকলো দিশৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে,ভীষণ শংকটক সন্মুখীন হৈ আহিছে। বিজেপি দলৰ যোৱাবেলি নিৰ্বাচনী ইস্তাহাৰৰ প্ৰসংগৰে পৰিষদে স্মাৰক-পত্ৰত গৰিয়া-মৰিয়া-দেশী সকলৰ বাবে সুকীয়া জৰীপ,অৰ্থনৈতিক পেকেজ আদি ভালে কেইটা বিষয় সন্নিৱিষ্ট কৰিছিল বুলি উল্লেখ কৰি আক্ষেপেৰে কয় যে দলটোৱে শাসনলৈ অহাৰ পাছতো দুৰ্ভাগ্যজনকভাবে আজিলৈ গৰিয়া-মৰিয়া-দেশী সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।স্মাৰক-পত্ৰত নিজৰ স্বাভিমান বিষয়টো দাঙি ধৰি পৰিষদে কয় যে সাতামপুৰুষীয়া ধৰ্ম নিৰেপক্ষ সংস্কৃতিৰে পৰিপূৰ্ণ এই মহান অসমীয়া জাতি বিভিন্ন জাতি-উপজাতি, জনগোষ্ঠীয় ঐক্য-সংহতিৰে মহিমামণ্ডিত য’ত স্বধৰ্মীয় মোগলৰ বিৰূদ্ধে শৰাইঘাটত বীৰ লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীয়ে দেশ আৰু জাতিৰ স্বাৰ্থত হাতত হেংদান তুলি লৈছিল । কোচ হাজো ৰণত ফটে খাঁ তাৰ ব্যতিক্ৰম নাছিল। কিন্তু অসমৰ খিলঞ্জীয়া বংশোদ্ভৱ গৰিয়া,মৰিয়া আৰু দেশী সকলৰ দেশ আৰু জাতি প্ৰেমৰ এনে গৌৰৱজ্বল ইতিহাস থকাৰ পাছতো স্বাধীন ভাৰতবৰ্ষত এই লোক সকলক সৌ সিদিনাখন অহা লোকৰ সৈতে ধৰ্মীয় ভাবে একাকাৰ কৰি এই লোক সকলৰ স্বাভিমানত আঘাত কৰা হ’ল। খিলঞ্জীয়া লোকৰ পৰা ধৰ্মান্তৰিত হোৱা স্বত্বেও ধৰ্মীয় পৰিচয়ৰে এই সকল লোকক স্বগোষ্ঠীয় মূলৰ লোকৰ পৰা আতৰাই ৰখাৰ ষড়যন্ত্ৰ ৰচা হ’ল যিটোৱে অসমীয়া জাতি দুৰ্বল কৰাৰ উপৰিও ভাৰতীয় অখণ্ডতাৰ প্ৰতিও ভাবুকি আনিব পাৰে। পৰিষদে খিলঞ্জীয়া সমাজ সংস্কৃতিৰে পৰিপূৰ্ণ গৰিয়া,মৰিয়া আৰু দেশী সকলক ধৰ্মীয় পৰিচয়ৰে নহয়,গৰিয়া-মৰিয়া-দেশী হিচাবে এক সুকীয়া জৰীপৰে চিনাক্তকৰণ আৰু সেই একেটা পৰিচয়ৰে বিশেষ সাংবিধানক সুৰক্ষা প্ৰদান তথা খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসমত ইনাৰ-লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায়৷ অন্যথা পৰিষদে পৰৱৰ্তী সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*