অসম

চেঙাৰ বান্দালীত ব্ৰহ্মপুত্ৰত সন্ধানহীন ছাত্ৰ 

 

প্ৰথম খবৰ,চেঙা: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানা তথা চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দালীত দেওবাৰৰ পৰা এগৰাকী ছাত্ৰ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈ থকাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । সন্ধানহীন ছাত্ৰজন বান্দালী গাঁৱৰ আব্দুছ চত্তাৰৰ পুত্ৰ কুতুবুল আলম (৮) বুলি জানিব পৰা গৈছে। ডিলিজেন্ট একাডেমিৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল কুতুবুল আলম। দেওবাৰে আবেলি প্ৰায় তিনি বজাত ঘৰৰ ওচৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ থাকে কুতুবুল আলম। ঘটনাস্থলীত তাৰাবাৰী আৰক্ষীৰ লগতে SDRF বাহিনীয়ে ছাত্ৰজনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো সন্ধান উলিয়াব পৰা নাই। আনহাতে বৰপেটা জিলা অগপ সমিতিৰ উপ- সভাপতি ৰবিউল হুছেইনে আজি ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে কুতুবুল আলমৰ পিতৃৰ লগতো মত বিনিময় কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close