অসম

চেঙা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অচলাৱস্থা বিষয়া-কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতি,খণ্ড উন্নয়ন বিষয়াৰ পদত্যাগ

 

প্ৰথম খবৰ  চেঙা, ৩ মে :
বৰপেটা জিলাৰ চেঙা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এতিয়া দেখা দিছে চৰম অচলাৱস্থাই৷কাৰ্যালয়টোৰ একাংশ বিষয়া কৰ্মচাৰীৰ মইমতালি আৰু দায়বদ্ধহীনতাৰ বাবেই আপাততঃ বিভিন্ন সমস্যাৰ সন্মূখীন হ’বলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ৷স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আজি কিছুদিন ধৰি খণ্ড উন্নয়নটোৰ বহুকেইজন বিষয়া কৰ্মচাৰীয়ে সময় আৰু নিয়মিতভাবে উপস্থিত নহয় কাৰ্যালয়ত ৷যাৰ বাবে দিনৰ দিনটো ৰৈ থাকি অৱশেষত নিৰাশ মনেৰে ঘৰলৈ উভতি যাৱলগীয়া হৈছে সাধাৰণ ৰাইজ৷বিশেষকৈ খণ্ড উন্নয়নটোত গাণনিক বিষয়া হিচাবে কৰ্মৰত মাধৱ ফুকন,নিম্ন সহায়ক বাবুল কুমাৰ মৰল, জ্যেষ্ঠ সহায়ক ধ্ৰুৱ তালুকদাৰকে ধৰি বহুকেইজন বিষয়া কৰ্মচাৰীয়ে সময় মতে আৰু নিয়মিতভাবে উপস্থিত নাথাকে কাৰ্যালয়ত৷যাৰ বাবে সৰ্বসাধাৰণ ৰাইজ নানা সমস্যাৰ সন্মূখীন হ’বলগীয়া হৈছে৷জানিবলৈ পোৱা মতে দুমাহমান আগতে চেঙা খণ্ড উন্নয়ন বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰা ৰঞ্জিৎ গোস্বামীয়েও দায়িত্বৰ পৰা অব্যাহতি ল’বলৈ তৎপৰ হৈ পৰিছে৷বিষয়া গৰাকীয়ে কি কাৰণত অব্যাহতি বিচাৰিছে জানিব পৰা নাই যদিও বিশেষ সুত্ৰৰ পৰা জানিবলৈ পৱো মতে চেঙা খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে প্ৰকল্প সঞ্চালকৰ জৰিয়তে বৰপেটা জিলা উপায়ুক্তলৈ অব্যাহতি বিচাৰি প্ৰেৰণ কৰা আবেদন পত্ৰত ব্যক্তিগত সমস্যাৰ লগতে এন আৰ চিকে কাৰণ বুলি উল্লেখ কৰিছে৷উল্লেখ্য যে দায়িত্বভাৰ গ্ৰহণৰ পাছতে খণ্ড উন্নয়নটোত এক পৰিৱৰ্তন আনিবলৈ প্ৰয়াস অব্যাহত ৰখাৰ সময়তে বিষয়াগৰাকীৰ অব্যাহতিৰ বতৰাৰ বিষয়টোৱে সচেতন মহলত চৰ্চা লাভ কৰিছে৷ইফালে কাৰ্যালয়টোত সঘনাই বিষয়া-কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতিৰ সমান্তৰাল ভাবে খণ্ড উন্নয়ন বিষয়াগৰাকীৰ অব্যাহতিৰ প্ৰসংগই এক অচলাৱস্থাৰ সৃষ্টি কৰিছে কাৰ্যালয়টোত৷ইফালে চেঙা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ অনিয়মীয়া তথা সময় মতে কাৰ্যালয়ত উপস্থিত নোহোৱা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চেঙা আঞ্চলিক ছাত্ৰ সন্থাই কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলক সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষকো এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷

Related Articles

Leave a Reply

Close