অসম

চৰকাৰৰ মিত্ৰ জোঁট, অসম গণ পৰিষদে দাহ কৰিলে সাংসদ ৰাজেন গোঁহাইৰ প্ৰতিমূৰ্তি

প্ৰথম খবৰ, মৰিগাঁও: সোমবাৰে মৰিগাঁও ৰাজপথত জ্বলিলে মন্ত্ৰী সাংসদ ৰাজেন গোঁহাইৰ প্ৰতিমূৰ্তি৷ অগপৰ প্ৰতিবাদীসকলে ৰাজেন গোঁহাই গ’ বেক ধ্বনি দি পৰিবেশ উত্তাল কৰে তোলে৷

উল্লেখ্য যে, নেদা সভাত অমিত ছাহৰ সন্মুখত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কেতবোৰ অসমৰ স্বাৰ্থৰ কথা কোৱাৰ বাবে দেওবাৰে ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোঁহাইয়ে অতুল বৰাক শিষ্টাচাৰ নাজানে বুলি কৰা মন্তব্যত জাঙোৰ খাই উঠিছে মিত্ৰদল অগপ মৰিগাঁও জিলাৰ সদস্য সকল৷ ভৱিষ্যতে অপগৰ কোনো সদস্যকে এনে মন্তব্য নৰিবলৈ সকিয়নী দিয়ে প্ৰতিবাদকাৰী সকলে। ইফালে সাংসদ তথা মন্ত্ৰী গোহাঁয়ে শিক্ষকক অভব্য আচৰণ কৰা মন্ত্ৰীজনে শিষ্টাচাৰ জানেনে বুলি প্ৰশ্ন কৰে!

পৰবৰ্তী সময়ত মিত্ৰদলৰ এইসকল সদস্যৰ প্ৰতিবাদক মন্ত্ৰী গোঁহায়ে কেনেদৰে লয় সেয়া হ’ব লক্ষণীয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close