শেহতীয়া
Home / অসম / ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি লপা-থপা খালে শিক্ষকে

ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি লপা-থপা খালে শিক্ষকে

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: মৰাণৰ নেহৰু বিদ্যালয়ৰ এজন শিক্ষকে নিজ বিদ্যালয়ৰে এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰা কাৰ্যই জোকাৰি গৈছে নেহৰু বিদ্যালয়। অভিযোগ অনুসৰি, ১৬ মে’ দিনা বিদ্যালয়ৰ এজন সহ শিক্ষকে পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰিছিল।

উক্ত ঘটনাত ক্ষোভিত হৈ স্থানীয় ৰাইজে শুকুৰবাৰে ছাত্ৰ-ছাত্ৰীৰ সন্মূখতে কাণত ধৰাই আঁঠু কঢ়াই শিক্ষকজনক শাস্তি প্ৰদান কৰে। বৰ্তমান ঘটনাস্থলীত মৰাণহাট আৰক্ষী উপস্থিত হৈ শিক্ষকজনক উদ্ধাৰ কৰাৰ লগতে উপস্থিত পাঁচজন লোকক সোধ-পোচৰ বাবে আটক কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*