অসমগুৱাহাটীশীৰ্ষ

জনতা ভৱনত বিত্ত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, গ্ৰহণ কৰিলে নতুন সিদ্ধান্ত

নিউজ ডেস্ক, প্ৰথম খবৰ: সোমবাৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল যোগে নিবনুৱা সকলক উদ্দেশ্যি গ্ৰহণ কৰিলে বহুতো নতুন সিদ্ধান্ত।

সংবাদ মেলত শৰ্মাই কয়, এতিয়াৰে পৰা চৰকাৰী চাকৰি আৱেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা হ’ব ৪৪ বছৰ। ইয়াৰ পূৰ্বে ৩৮ বছৰ লৈকে আছিল আৱেদনকাৰী সকলৰ বয়সৰ ঊৰ্ধ্বসীমা।

আনহাতে মন্ত্ৰী শৰ্মাই সংবাদ মেলত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে মাচুল বিনামূলীয়া হোৱাৰ লগতে জেনেৰেল সকলৰ বাবে ২৫০টকা আৰু ST, OBC সকলৰ বাবে ১৫০টকা মাচুল আৰু ঠিকাভিত্তিক চাকৰিবোৰৰ বাবে ১৫,০০০ৰ পৰা ২০হাজাৰলৈ দৰমহা বৃদ্ধিৰ কথা উল্লেখ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close