অসমশীৰ্ষ

 জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

 নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্যবাসীৰ বাবে সুখবৰ কঢ়িয়াই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত আয়োজন কৰিছে এক সংবাদমেলৰ। এই সংবাদমেলত মন্ত্ৰী শৰ্মাই কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। তেখেতে কয় যে, অচিৰেই অসমত কেইখনমান ডেণ্টেল কলেজ স্থাপন হ’ব ‘আঞ্চলিক ডেণ্টেল কলেজ আমাৰ বৰ্তমান এখন আছে, ইয়াৰ পিছত এখন ডিব্ৰুগড় আৰু এখন শিলচৰত দিয়া কথা আছিল, ১৪মে’ত ডেণ্টেল কাউঞ্চিল অৱ ইণ্ডিয়াই অনুমোদন জনালে এই মন্তব্য  কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁ উল্লেখ কৰে যে, ‘এতিয়াৰে পৰা চৰকাৰী চাকৰি আৱেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা হ’ব ৪৪ বছৰ, পূৰ্বে ৩৮ বছৰ লৈকেহে পাৰিছিল, বিনামূল্য হ’ব চতুৰ্থ-তৃতীয় বৰ্গ চাকৰিৰ বাবে মাচুল, জেনেৰেলৰ বাবে ২৫০টকা আৰু  ST, OBC ৰ বাবে ১৫০ টকা হ’ব মাচুল, ঠিকাভিত্তিক চাকৰিৰ বাবে ১৫,০০০ ৰ পৰা ২০ হাজাৰলৈ বৃদ্ধী হ’ব দৰমহা। সংবাদমেলত এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে। অতি গুৰুত্বপূৰ্ণ ভাৱে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ৰতন টাটাৰ লগ হৈ অসম চৰকাৰে অসমত উন্নত মানদণ্ডৰ কেঞ্চাৰ হাস্পাতাল স্থাপণ কৰিব ‘গুৱাহাটী, যোৰহাট আৰু ডিফুত স্থাপন কৰা হ’ব কেন্সাৰৰ L-1 হাস্পতাল, টাটা ট্ৰাষ্ট-চৰকাৰৰ উদ্যোগত নতুন কোম্পানী আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন, কোম্পানীটোৰ অধীনত হ’ব ১৯খন কেন্সাৰ হাস্পতাল, গুৱাহাটীৰ পৰাই ভূমিপূজন কৰা হ’ব হাস্পতালকেইখনৰ, ১৭ জুনৰ পৰা আৰম্ভ হ’ব হাস্পতাল নিৰ্মাণৰ কাম, অটল অমৃত অভিযানৰ অধীনত এমাহত ১১২০ গৰাকী ৰোগী উপকৃত হৈছে, ৩ কোটি ৪০ লাখ ৩৬ হাজাৰ টকা খৰচ অটল অমৃত অভিযানযোগে৷এই কথা  জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

 

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close