অসমশীৰ্ষ

জাপানত মহিলাক বুল ফাইটিঙত অনুমতি

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ:বিশ্বৰ এখন উন্নত দেশ জাপান। প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এই দেশ যথেষ্ট উন্নত। পুৰুষৰ সমান্তৰালকৈ এই দেশৰ মহিলাসকলো যথেষ্ট উন্নত। জাপানৰ এক জনপ্ৰিয় খেল হৈছে বুল ফাইটিং অৰ্থাৎ ষাঁড়গৰু যুজ। শেহতীয়াকৈ, জাপানী মহিলাসকলে এই বুল ফাইটিঙৰ ক্ষেত্ৰত লাভ কৰিছে অনুমতি। পূৰ্বে, বহুবছৰ ধৰি মহিলাসকলৰ বাবে এই খেলত প্ৰতিবন্ধকতা আছিল। কিন্তু এতিয়া এই খেল খেলাৰ ক্ষেত্ৰত লাভ কৰা অনুমতিৰ বাবে জাপানী মহিলাসকলক দেখা পোৱা যাব বিশেষ ৰিঙত। উল্লেখ্য, জাপানত ‘চুমু কুস্তি’ তেওঁলোকৰ নিয়মৰ বাবে বিশেষ চৰ্চাত আছে। দেশখনত টোগ্যুৰ ক্ষেত্ৰতো বৰ্তমান প্ৰতিবন্ধকতাসমূহ আতৰোৱা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close