শেহতীয়া
Home / অসম / জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে টিংখাঙৰ ৰাইজক

জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে টিংখাঙৰ ৰাইজক

মাহমৰাৰপৰা দীপক গগৈ, প্ৰথম খবৰ: নামত পকী পথ কিন্তু কাৰ্যত জৰাজীৰ্ণ অৱস্থা। টিংখাঙৰ কেন্দুগুৰি পঞ্চায়তৰ অন্তৰ্গত দিৰৈ-কেন্দুগুৰি সংযোগী প্ৰায় ১০কি:মি দৈৰ্ঘ্যৰ পকীৰ বিধ্বস্ত ৰূপ। জৰাজীৰ্ণ এই পথটোৱে বছৰ-বছৰ ধৰি জ্বলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলৰ ৰাইজক। দীৰ্ঘদিনে মেৰামতিৰ মুখ নেদেখা এই  গুৰুত্বপূৰ্ণ পথটোৱেদি কাকৱনী, ঠেকেৰাগুৰি, গড়বস্তী, উদালবাম, লেৰেলা পথাৰকে আদি কৰি কেইবাখনো গাঁৱৰ ৰাইজে নিতৌ অহা-যোৱা কৰিবলগীয়া হয়।

ভগ্নপ্ৰায় পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰোগী আৰু প্ৰসূতিসকলে দীৰ্ঘদিনে জীয়াতু ভোগ কৰিবলগীয়া হৈছে। আনহাতে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ ক্ষেত্রতো চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল। ইয়াৰ উপৰি যাতায়ত, বেপাৰ-বাণিজ্যৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হয় অঞ্চলটোৰ ৰাইজ। পথটোত সৃষ্টি হোৱা গাঁতসমূহৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হৈছে বহুলোক।

পথটোৰ পুনৰ নিৰ্মাণৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত বাৰম্বাৰ আবেদন কৰিও কোনো সুফল লাভ নকৰিলে অঞ্চলবাসীয়ে। সেয়ে পথটো অতি শীঘ্ৰে মেৰামতি কৰি ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যা দূৰ কৰিবলৈ পৰিবৰ্তনকামী চৰকাৰ তথা বিধায়ক বিমল বড়াক আহ্বান জনাইছে অঞ্চলবাসী ৰাইজৰ লগতে স্থানীয় দল-সংগঠন সমূহে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*