অসম

জৰাজীৰ্ন পথ মেৰামতিৰ দাবীৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ পথ বন্ধ প্ৰতিবাদত সেও মানি প্ৰতিবাদস্থলীতে কাম আৰম্ভ কৰিবলৈ বাধ্য হ’ল গড়কাপ্তানী বিভাগ

 

সমীৰণ বৰঠাকুৰ,টীয়ক প্ৰথম খবৰ : টীয়কৰ কলিয়াপানীস্থিত ঐতিহাসিক আউনীআটি সত্ৰ ৰ ঘাইপথ সংযোগী বিধস্ত পথ মেৰামতিৰ দাবী তুলি অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজ আৰু অঞ্চলটোৰ বহুসংখ্যক ৰাইজ একগোট হৈ ওলাই আহিল প্ৰতিবাদ কৰিবলৈ৷ঐতিহাসিক আউনীআটি সত্ৰকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ স্থানৰ যোগাযোগকাৰী একমাত্ৰ পথটো এইদৰে বহুবছৰ ধৰি বিধস্ত হৈ থকাত অঞ্চলবাসী ৰাইজে ভিন্ন সময়ত প্ৰতিবাদ কৰি অহা স্বত্বেও সাধাৰণ ৰাইজৰ সমস্যাক গুৰুত্ব দিবলৈ সময় নাই প্ৰশাসনৰ৷খৰালী প্ৰকান্দ প্ৰকান্দ গাঁতৰ বাবে যাতায়তৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হোৱাৰ লগতে বাৰিষা এই গাঁতসমূহ পুখুৰীত পৰিণত হয়৷অৱশ্যে কাণসাৰ নাই চৰকাৰৰ৷আজি ইয়াৰে প্ৰতিবাদত পুৱাই ওলাই আহিল অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ নেতৃত্বত বহুসংখ্যক সাধাৰণ জনতা৷তেঁওলোকৰ মতে ২০১৭ চনৰ ফেৱ্ৰুৱাৰী মাহতে মৰিয়নী সমষ্টিৰ বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে পথটিৰ কামৰ শুভাৰম্ভ কৰা স্বত্বেও আজি পৰ্যন্ত কি কাৰণত পথটিৰ কোনো অগ্ৰগতি ন’হল আৰু এইক্ষেত্ৰত কিয় ৰাজহ চক্ৰ বিষয়াই ব্যৱস্থা নাইলোৱা বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোয়ে৷ইয়াৰ বিপৰীতে যোৱা এমাহ পূৰ্বে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিবাদত টীয়কৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে ১১ মে’ ৰ ভিতৰত কাম হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কি কাৰণত দিন উকলি যোৱাৰ পাছত এইদৰে পথ বিধস্ত হৈ থাকিব লগা হয় তাক লৈ ক্ষোভিত হৈ পৰে সংগঠনটো৷প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷টীয়ক ৰাজহ চক্ৰ বিষয়া ভাস্কৰ জ্যোতি ৰাজবংশী য়ে প্ৰতিবাদকাৰী সকলক সাক্ষাৎ কৰাৰ পিছতো পথ বন্ধ বাতিল কৰিবলৈ মান্তি নহ’ল প্ৰতিবাদকাৰীসকল৷যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদ চলি থকাৰ মাজতে বিয়লি ৫ বজাত শিলগুটি পেলাই পথৰ মেৰামতি কাৰ্য আৰম্ভ কৰাতহে পথ বন্ধৰ কাৰ্যসূচী বাতিল কৰে সংগঠনটোয়ে৷উল্লেখযোগ্য যে উৰ্ধতম কতৃপক্ষই ১৫ দিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close