অসম

টিংখাঙত চুৰি বাইক উদ্ধাৰ, ধৃত ২

মাহমৰাৰ পৰা দীপক গগৈ, প্ৰথম খবৰ : বিহু মেলাৰ পৰা বাইক চুৰি কৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে টিংখাঙৰ দুজন যুৱক। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ধৃত বাইক চোৰ দুটা টিংখাঙৰ মাহমৰা আলিকিনাৰ ১ নং বৰতানি গাঁৱৰ নিবাসী আনন্দ গগৈৰ পুত্ৰ ধন গগৈ ওৰফে মাইনা (২১) আৰু ডম্বৰু গগৈৰ পুত্ৰ অনুপ গগৈ (১৯)।

উল্লেখযোগ্য যে যোৱা ৯ মে’ৰ নিশা ৰাজগড় আঞ্চলিক ৰঙালী বিহু সন্মিলন উপভোগ কৰিবলৈ অহা জগত কুৰ্মীৰ AS-04-P-1167 নম্বৰৰ কলা ৰঙৰ স্প্লেণ্ডাৰ বাইকখন শ্বহীদবেদী তিনিআলিত ৰাখি থোৱা অৱস্থাৰ পৰা ধৃত চোৰ দুটাই চুৰি কৰি নিছিল।

চোৰ দুটাই  চুৰি বাইকখন তিনিচুকীয়া জিলাৰ জাগুন বজাৰত মাত্ৰ ৫/১০  হেজাৰ টকাত বিক্ৰী কৰিবৰ বাবে বজাৰত গ্ৰাহকৰ সন্ধান কৰি থকা সময়ত সন্দেহ উপজাত স্থানীয় এজন সচেতন লোকে আৰক্ষীক খবৰ দিয়ে। খবৰৰ ভিত্তিত জাগুন আৰক্ষীৰ এটা দলে বজাৰত উপস্থিত হৈ কৌশলৰে চোৰ দুটাক কৰায়ত্ত কৰাৰ লগতে বাইকখন জব্দ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পাছতে জাগুন আৰক্ষীয়ে আটকাধিন বাইক চোৰ দুটাক ৰাজগড় আৰক্ষীক  চমজাই দিয়ে। বাইকখনৰ গৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে ৭১/১৮ নম্বৰত গোচৰ ৰুজু কৰি ৩৭৯ ধৰাৰ অধীনত বাইক চোৰ দুটাক নিশা স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে জেৰা অব্যাহত ৰাখিছেI

 

Related Articles

Leave a Reply

Close