অসম

 ডি ভোটাৰৰ তালিকাত নাম অন্তৰ্ভুক্তি চেঙাৰ ছাটাগাঁওত এইবাৰ ব্যৱসায়ীৰ আত্মহত্যা এন আৰ চিত নাম থকা ব্যক্তিলৈও ডি ভোটাৰৰ জাননী 

 

প্ৰথম খবৰ,চেঙা: এন আৰ চিৰ কাম-কাজ ৰাজ্যখনত ক্ষীপ্ৰতাৰে চলি থকাৰ পাছত
ডি ভোটাৰৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত সৰৱ চৰ্চা লাভ কৰি আহিছে৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰকৃত ভাৰতীয় লোককো ডি ভোটাৰৰ তালিকাত সন্নিৱিষ্ট কৰি অযথা হাৰাশাস্তি কৰা বুলি বিভিন্ন সময়ত বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰি অহাৰ পাছত ডি ভোটাৰ হৈ থকা বুলি জানি কালি নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰিলে এজন ব্যৱসায়ীয়ে। ডি ভোটাৰৰ বাবেই আত্মহননৰ পথ বাচি লোৱা ব্যৱসায়ীজন বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানা তথা চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ছাটাগাঁওৰ মনু মিঞাৰ পুত্ৰ লালচান আলী(৬০) বুলি জানিব পৰা গৈছে। কেইদিনমান পূৰ্বে তেওঁ নিজৰ নামটো ডি ভোটাৰৰ অন্তৰ্ভুক্ত হোৱাৰ খবৰ লাভ কৰিছিল বি এল অ’ৰ জৰিয়তে। বি এল অ’ গৰাকীয়ে লালচান আলীৰ ঘৰলৈ আহি ARN নম্বৰ আৰু লিগেচি ডাটা সংগ্ৰহ কৰি নিয়াৰ পাছত লালচান আলীয়ে ডি ভোটাৰৰ কথা জানিবলৈ পাৰে আৰু তেতিয়াৰ পৰাই লালচান আলী শংকিত হৈ পৰে।জানিবলৈ পোৱা মতে লালচান আলীৰ পিতৃৰ নামত লিগেচি ডাটা থকাৰ উপৰিও লালচান আলীয়ে নিয়মীয়াকৈ নিৰ্বাচনত ভোটদান কৰি অহিছে৷ কিয় আৰু কেনেকৈ লালচান আলীৰ নামত ডি ভোটাৰৰ মোহৰ লাগিল সেয়া স্থানীয় ৰাইজৰ বাবে এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিপঞ্জীৰ কাম পূৰ্ণগতিত চলি থকা সময়তে কালি (মংগলবাৰে) পুৱতি নিশা লালচান আলীয়ে ডি ভোটাৰৰ আশংকাত ভুগি পাকঘৰত চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ডি ভোটাৰৰ জাননী পায়েই হতাশাত ভাগি পৰা নিৰ্জু স্বভাৱৰ লালচানে আত্মহত্যা কৰে বুলি স্থানীয় লোকৰ লগতে আৰক্ষীয়ে সন্দেহ কৰে। আনহাতে স্থানীয় গাঁওবুঢ়া ফেদ্দুছ আলীয়েও ডি ভোটাৰৰ বাবেই লালচান আলীয়ে হতাশাত ভুগি এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। কালি ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ বৰপেটা ফকৰুদ্দিন আলী আহমেদ হাস্পাতাললৈ প্ৰেৰণ কৰে । সন্ধিয়া এক শোকাকুল পৰিবেশত লালচান আলীৰ জানাজা সম্পন্ন হয়। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত ডি ভোটাৰৰ মোহৰ লগাই সংখ্যালঘু মুছলমান লোকক হাৰাহাস্তি নকৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক সকিয়াই দিয়ে। উল্লেখ্য যে, মৃত লালচান আলীয়ে দৌলাশাল চ’ক বজাৰত কেইবাবছৰ ধৰি ক্ষুদ্ৰ ব্যৱসায় কৰি আহিছিল। তেওঁৰ মৃত্যুত দৌলাশাল উন্নতি সাধিনী সভাই শোক প্ৰকাশ কৰি এঘন্টাৰ বাবে দৌলাশাল চ’ক বজাৰ বন্ধ ৰাখে। লক্ষণীয় যে বিভিন্ন সময়ত ডি ভোটাৰৰ বিসংগতিয়ে সংখ্যালঘু মুছলমান সকলক হাৰাশাস্তি আৰু শংকিত কৰি আহিছে। আনহাতে বৰপেটা জিলাৰ ছাটাগাঁৱৰে চান্দুমিয়াৰ পুত্ৰ ৰহিমুদ্দিন নামৰ লোক এজনৰ ১৯৫১ চনৰ এন আৰ চিত নাম থকাৰ উপৰিও সদ্য প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাতো নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো ৰহিমুদ্দিনৰ নামত ডি ভোটাৰৰ জাননী আহিছে বুলি জানিব পৰা গৈছে। এইগৰাকী ৰহিমুদ্দিনৰ নামত থকা ১৯৫১ চনৰ এন আৰ চিৰ লিগেচি ডাটাৰ কোড নং হৈছে 120-0030-5263 আৰু তেতিয়া ৰহিমুদ্দিনৰ বয়স এক বছৰ আছিল বুলি ৰহিমুদ্দিনে জানিবলৈ দিয়ে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে তীব্ৰ বিষোদগাৰ কৰি এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰি উলিওৱাৰ বাবে সকলো পক্ষলৈ আহ্বান জনায় আৰু প্ৰকৃত ভাৰতীয়ক ডি ভোটাৰৰ নামত হাৰাশাস্তি নকৰিবলৈ চৰকাৰক আহ্বান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close