অসম

ডুমডুমাত মহিলাৰ মৃতদেহ উদ্ধাৰ,৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

প্ৰথম খবৰ,ফিল’বাৰী:তিনিচুকিয়া জিলাৰ ডুমডুমাৰ বিছাকপি চেন্ট্ৰেল হস্পিতালৰ ওচৰত বাগিচাৰ মাজত ৰাস্তাত আজি সন্ধিয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ব্যাপক উত্তেজনাই বিৰাজ কৰিছে। এই ঘটনাৰ উচিত বিচাৰৰ দাবীত আজি অঞ্চলটোৰ ৰাইজে ৩৭ নং ঘাইপথ অৱৰু কৰিছে। মৃতদেহটো ডুমডুমাৰ ৰাইডাং চাহ বাগিচা ১৫ নং লাইনৰ মালিনি বিচুৰ বুলি জানিবলৈ পোৱা গৈছে। ডুমডুমা আৰক্ষীয়ে জানিবলৈ দিয়া মতে বিচাকপি হস্পিতালতে মহিলা গৰাকীৰ পুত্ৰ চিকিৎসাধীন হৈ আছে আৰু মহিলা গৰাকী আজি পুৱা ১০ বজাত ঘৰলৈ বুলি ওলাই গৈছিল কিন্তু সন্ধিয়া মহিলা গৰাকীৰ মৃতদেহ হস্পিতালৰ কাষতে ৰাস্তাৰ ওপৰত পৰি থকা দেখা পাই স্থানীয় লোকে আৰক্ষীক অৱগত কৰে। মৃতদেহৰ গা’ত কাপোৰ নথকালৈ চাই এইয়া এক ধৰ্ষণ কাণ্ড বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পথ অবৰোধ স্থলীত উত্তেজিত একাংশই বিচাৰৰ দাবী তোলে। আৰক্ষীয়ে ইয়াৰ তদন্ত কৰি দোষীক শাস্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Related Articles

Leave a Reply

Close