অসম

তীৰ,জুৱা আৰু মদৰ অবাধ প্ৰচলন,আমছুৰ স্মাৰক পত্ৰ

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা,প্ৰথম খবৰ:কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানা এলেকাত ব্যাপক হাৰত অবৈধ তীৰ,জুৱা আৰু মদৰ প্ৰচলনে পৰিবেশ প্ৰদূষিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে আমছুৱে৷ আমছুৰ ফকিৰাগ্ৰাম আঞ্চলিক সমিতিয়ে বিষয়টোক লৈ গভীৰভাৱে উদ্বিগ্নতা প্ৰকাশ কৰি জিলা প্ৰশাসনৰ ওচৰত তীৰ,জুৱা আৰু মদৰ অবাধ প্ৰচলন বন্ধৰ দাবী জনাইছে৷ আমছুৰ আঞ্চলিক সমিতিয়ে জনোৱা মতে ফকিৰাগ্ৰাম বজাৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰি বজাৰৰ অলিয়ে-গলিয়ে তীৰ আৰু অবৈধ জুৱাৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠাৰ সমান্তৰালকৈ শক্তিআশ্ৰম,আমতলী, মোনাকোষা,প্ৰতাপখাতা,যোগদৈ আদি বজাৰ এলেকাত ব্যাপক হাৰত চলি থকা তীৰ,জুৱা আৰু মদে অস্থিৰ পৰিবেশ সৃষ্টি কৰিছে৷ তীৰ আৰু জুৱা নামৰ বৰবিহ সম্প্ৰতি গ্ৰাম্যাঞ্চললৈ সম্প্ৰসাৰিত হৈছে৷ আমছুৱে প্ৰকাশ কৰা মতে নগৰ অঞ্চলৰ পৰা ক্ৰমান্বয়ে সম্প্ৰসাৰিত হোৱা তীৰ-জুৱাই গাঁও অঞ্চলৰ তিনিআলি-চাৰিআলি আদি সকলো এলেকা ছানি ধৰাত যুৱক আৰু স্কুল-কলেজৰ ছাত্ৰ সহ সাধাৰণ নাগৰিক সমাজকো প্ৰভাবান্বিত কৰিছে৷ সম্প্ৰতি সকলো শ্ৰেণীৰ লোককে প্ৰায় স্পৰ্ষ কৰা তীৰ,জুৱা আৰু মদৰ প্ৰচলনত সুস্থ সামাজিক পৰিবেশ বিঘ্নিত হোৱাৰ উপৰি শৈক্ষিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱা তীৰ,জুৱা আৰু অবাধ মদৰ প্ৰচলন বন্ধ কৰি সুস্থ সামাজিক আৰু শৈক্ষিক পৰিবেশ প্ৰৱৰ্তন কৰিবলৈ আমছুয়ে জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close