শেহতীয়া
Home / অসম / দিন-দুপৰতে চিকিৎসালয়ৰপৰা অপহৃত হ’ল কণমাণি, সমগ্ৰ দৃশ্য বন্দী হ’ল চি চি টিভিত

দিন-দুপৰতে চিকিৎসালয়ৰপৰা অপহৃত হ’ল কণমাণি, সমগ্ৰ দৃশ্য বন্দী হ’ল চি চি টিভিত

প্ৰথম খবৰ, বাৰপূজীয়া: পুৰুষে নহয়, এইবাৰ এগৰাকী মহিলাই দিন-দুপৰতে অপহৰণ কৰিলে এটি কণমানিক। অপহৰণ কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চি চি টিভি কেমেৰাত।

উক্ত ঘটনাটি হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত। কিছু সময় পূৰ্বে অসামৰিক চিকিৎসালয়ত এটি শিশুৱে মাক দেউতাকৰ লগত আহিছিল। আৰু মাক দেউতাক নথকা অৱস্থাত চিকিৎসালয়খনত উপস্থিত থকা এগৰাকী মহিলাই শিশুটিক কোলাত তুলি লৈ চিকিৎসালয়ৰ পৰা উধাও হয়।

শিশুটিক মাক দেউতাকে বিচাৰি নাপায় হাহাকাৰ কৰাৰ পিছতে চিকিৎসালয় কৰ্তপক্ষই চি চি টিভিত পৰীক্ষা কৰাত সমগ্ৰ ঘটনাৰ জানিবলৈ সক্ষম হয়।

বৰ্তমান ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে কোনোৱে শিশুটিৰ কিবা সম্ভেদ পালে মৰিগাঁও আৰক্ষীক খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*