শীৰ্ষৰাষ্ট্ৰীয়

দিল্লীত ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ

নিউজ ডেস্ক,প্ৰথম খবৰ: দেশত যেন নাবালিক শিশু সকলৰ ওপৰত ধৰ্ষণৰ মাত্ৰা কমিব এৰি বাঢ়িব হে ধৰিছে।এক হৃদয় কপোৱা ঘটনা সংঘটিত হৈছে দিল্লীৰ স্বৰুপ নগৰ এলাকাত এজনী ৭ বছৰীয়া নাবালিকাৰ ওপৰত ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত হয়।ঘটনা যোৱাকালি নিশাৰ জানিব পৰামতে অভিযুক্তজনে নাবালিকাজনীক ফুচুলাই লৈ গৈ এই দুস্কৰ্ম সংঘটিত কৰে।নাবালিকাজনী মানসিক ৰোগত আক্ৰান্ত বুলি জানিব পৰা গৈছে।অভিযুক্তজনৰ বয়স ২০ বছৰ হ’ব বুলি অনুমান কৰা হৈছে, আৰক্ষীয়ে অভিযুক্তজনক হাতে-লোতে কৰায়ক্ত কৰে আৰু জেললৈ প্ৰেৰণ কৰে।ইপিনে নাবালিকাজনীৰ অৱস্থা অতিসংকট জনক বুলি জানিব পৰা গৈছে আৰু নিকটৱৰ্তী হাস্পাতালত স্বাস্থ্য পৰীক্ষা চলি আছে । উল্লেখ যে, অভিযুক্ত অপৰাধীজন কিছুদিন পূৰ্বে উক্ত এলেকাট থাকিব লৈছিল ।

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close