Home / অসম / দুধনৈ দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

দুধনৈ দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী,প্ৰথম খবৰ: দুধনৈ দৈনিক বজাৰতএক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে  নিশা প্ৰায় ১ মান বজাত এখন দৰ্জী দোকানত জুই লগাত এই জুইয়ে নিমিষতে কাষত থকা অন্য পাঁচখন দোকানলৈ সম্প্ৰসাৰিত হোৱাত দোকান কেইখন সম্পুৰ্ণৰূপে ভস্মীভূত হয়। দৰ্জী দোকানখনত হোৱা চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইপিনে জুই লগাৰ খবৰ লাভ কৰি দুধনৈ,গোৱালপাৰা আৰু বকোৰপৰা অগ্নিনিৰ্বাপক বাহিনীয়ে দুধনৈ আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত অতি তৎপৰতাৰে জুই নিৰ্বাপন কৰি কাষতে লাগি থকা অন্য বহুকেইখন দোকান ভস্মীভূত হোৱাৰ পৰা ৰক্ষা কৰে। ভয়াবহ অগ্নিকাণ্ডত ভস্মীভূত হোৱা দোকান কেইখন ক্ৰমে আব্দুল মন্নাফৰ ৰশ্মি মোবাইল,গোপাল দাসৰ সব্জী ভাণ্ডাৰ, শ্বোলেমান শ্বেইখৰ দৰ্জী দোকান,সুমঙ্গল ভট্টাচাৰ্যৰ মা বনবাসী দশকৰ্মা ভণ্ডাৰ আৰু অশোক নন্দীৰ মা দুৰ্গা দশকৰ্মা ভাণ্ডাৰ। এই অগ্নিকাণ্ডত প্ৰায় ১০লাখ টকাৰ সা-সামগ্ৰী ভস্মীভূত হয় বুলি স্বত্বাধিকাৰী সকলে জানিবলৈ দিয়ে। আনপিনে অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে দুধনৈ আৰক্ষীক তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা দুধনৈ ব্যবসায়ী সন্থাই আহ্বান জনায়। আনহাতে এই অগ্নিকাণ্ডৰ সুযোগ গ্ৰহণ কৰি কিছুমান দুষ্ট প্ৰকৃতিৰ মানুহে কিছুমান সামগ্ৰী লুটপাট কৰি নিয়ে বুলিও ক্ষতিগ্ৰস্থ সকলে জানিবলৈ দিয়ে। কছুদিন পূৰ্বে দৈনিক বজাৰতে নিশাৰ ভাগত কোনোবা দুষ্টচক্ৰই জুই লগা বুলি বহুতকে ফোন যোগে অপপ্ৰচাৰ চলোৱা ঘটনাক লৈ নিশাৰ অগ্নিকাণ্ডৰ ঘটনাটোও কোনোবা দুষ্ট চক্ৰৰ লোকে সংঘটিত কৰা বুলিও স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*