Home / অসম / দ্বিতীয় ৰাজধানী হ’ব নলবাৰী,আজিৰে পৰা বিজেপিৰ দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক

দ্বিতীয় ৰাজধানী হ’ব নলবাৰী,আজিৰে পৰা বিজেপিৰ দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক

প্ৰথম খবৰ,নলবাৰী: নাগৰিকত্ব( সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিবাদে উত্তাল কৰি ৰখাৰ সময়তে নলবাৰীত কাইলৈৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহৰ সভাখনে এক তাৎপৰ্য বহন কৰিছে।দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া উক্ত কাৰ্যনিৰ্বাহক সভাত দলটোৰ সৰ্বভাৰতীয় সংগঠন মহামন্ত্ৰী ৰাম লাল,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,নেডাৰ আহ্বায়ক তথা বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি সকলো মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। মুঠতে নলবাৰী কাইলৈ শুকুৰবাৰ আৰু পৰহি শনিবাৰ দ্বীতিয় ৰাজধানী হিচাপে পৰিলক্ষিত হ’ব। নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই আজি এক সংবাদ মেলত প্ৰকাশ কৰা মতে উক্ত দুদিনীয়া কাৰ্যনিৰ্বাহকৰ সভাত ৰাজ্যখনৰ ৩৮ খন জিলাৰপৰা অহা ৪৫০গৰাকী কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব। এই কাৰ্যকৰ্তাসকলক আদৰাৰ বাবে নলবাৰীৰ গৰ্ডণ খেল পথাৰত বৃহৎ প্ৰস্তুতি চলোৱা হৈছে। কাৰ্যনিৰ্বাহক সভাখনৰ বাবে গৰ্ডণ খেলপথাৰত দুটাকৈ শীত তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ সাজি উলিওৱা হৈছে। বিধায়ক শৰ্মাই জানিবলৈ দিয়া মতে মন্ত্ৰী বিধায়কসকলৰ বাহিৰে বাকী সকলো কাৰ্যকৰ্তাকে নলবাৰীৰ বিভিন্ন লোকৰ বাসগৃহত ৰখাৰ বাবে বন্দবস্ত কৰিছে। বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈ অহা প্ৰতিনিধিসকলক ২২খন ব্যঞ্জনেৰে দুপৰীয়া আৰু নিশাৰ আহাৰেৰে আপ্যায়ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।সভাত অংশ গ্ৰহণৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ কাইলৈ দিনৰ ভাগতে নলবাৰীত উপস্থিত হ’ব। মুখ্যমন্ত্ৰীয়ে নিশাটো নলবাৰী আৱৰ্ত ভৱনতে কটাই পৰহি পুণৰ ন বজাৰপৰা অনুষ্ঠিত হ’ব লগা কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰিব। বিধায়ক শৰ্মাই পুণৰ কয় যে নলবাৰীত ১৯৮৭ চনৰ পিছত দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাক লৈ নলবাৰীত দলীয় কৰ্মকৰ্তাসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ইফালে নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,উপ সভাপতি অপূৰ্ব শৰ্মা,সাধাৰণ সম্পাদকদ্বয় নিতুল ডেকা,পুলক শৰ্মা,কোষাধ্যক্ষ ধ্ৰুনজ্যোতি দত্তই দলটোৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা বুলি মত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*