অসমবিনোদন

দৰঙত নিৰ্যাতনৰ বলি বিহুদল

প্ৰথম খবৰ,দেওমৰনৈ:দৰং জিলাৰ দেওমৰনৈ ঝাকুৱাপাৰাত বিহু দলক নিৰ্যাতন । বিহুনাচনীক যৌন নিৰ্যাতনৰ চেষ্টা তথা মাৰপিটৰ অভিযোগ বিহুশিল্পীৰ। দৰঙৰ ঝাকুৱাপাৰা নামৰ ঠাইখনত অনুস্থিত হোৱা মুকলি বিহু প্ৰতিযোগিতাত অংশ লোৱা সোনতৰা বিহুৱা দলৰ গুৰুতৰ অভিযোগ বিহুসমিতিৰ ওপৰত। ৮ মে’ৰ নিশা প্ৰায় ১১. ৩০ মান বজাত গোৰেশ্বৰৰ সোনতৰা বিহুৱাদলে মুকলি বিহুদলত অংশ গ্ৰহণৰ বাবে যোৱাৰ সময়তে সংঘটিত হয় নিৰ্যাতন আৰু মাৰপিটৰ ঘটনা।

দৰং জিলাৰ মঙলদৈৰপৰা পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত ঝাকুৱাপাৰা নামৰ ঠাইত অনুস্থিত হোৱা বিহু প্ৰতিযোগিতাত বিহুনৃত্য শিল্পীৰ দল নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। নিশা প্ৰায় ১১. ৩০ মান বজাত গোৰেশ্বৰৰ সোনতৰা নামৰ বিহুদলৰ তিনিগৰাকী নাচনী প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে দুজনমান মদাহী তথা সমিতিৰ একাংশ কৰ্মকৰ্তাই নাচনীকেইজনীক অশ্লীল প্ৰস্তাৱ দিয়াৰ লগতে হাতত ধৰি টানিব বিচাৰে।তেনেতে নাচনীকেইজনীয়ে হৈ হাল্লা কৰাত বিহুদলৰ দুজন লৰাই আগবাঢ়ি যোৱাত যুৱকৰ দলটোৱে তেওঁলোকক ভাবুকি দিয়ে আৰু মাৰপিট কৰে। লগতে সমিতিৰ অন্য সদস্যসকলক ফোন যোগে মাতি আনি পৰিস্থিতি উত্তপ্ত কৰি তোলে। বিহু আয়োজন কৰা সমিতিৰ সদস্যসকলে পৰিস্থিতি শান্ত কৰাৰ সলনি ওলোটাই সোনতৰা বিহু দলটোয়ে লৈ যোৱা AS01H C7531 নম্বৰৰ ট্ৰেভেলাৰ গাড়ীখন আগচি ধৰি লাঠী আদিৰে ক্ষতিসাধনৰো চেষ্টা কৰে । ইতিমধ্যেই ঘটনা সংক্ৰান্তত মংগলদৈ আৰক্ষী থানাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিছে দলটোৰ পৰিচালকে। এনে কাৰ্যত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহনা দিয়ে। এনে ঘটনাৰ উচিত তদন্তৰ দাবী জনাই বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close