অসম

দৰঙীয়া কৃষ্টি সংস্কৃতিৰ পয়োভৰেৰে জীপাল হৈ পৰিল লেঙ্গেৰীয়াঝাৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাকৰি

প্ৰথম খবৰ,মঙ্গলদৈ: লেঙ্গেৰীয়াঝাৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয়ে শিক্ষাৰ লগতে ”বহাগৰ এদিন” নামৰ এটি অনুস্থান ৰূপায়ন কৰি অঞ্চলটোৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। অনুস্থানটোত ২৭ টা কৃষ্টি সংস্কৃতিয়ে জীপাল কৰি তুলিলে আকাশ বতাহ। উল্লেখযোগ্য যে প্ৰতিবছৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে এই অনুস্থানটি ৰূপায়ন কৰি আহিছে। ছাত্ৰ ছাত্ৰীসকলৰ এই অনুষ্ঠানটিক লৈ যথেষ্ট উৎসাহী হৈ পৰিছে। সচৰাচৰ অন্য বিদ্যালয়ৰ তুলনাত লেঙ্গেৰীয়াঝাৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষা ৰ ক্ষেত্ৰতেই হওক বা সাংস্কৃতিক দিশতেই আগৰনুৱা তাৰ সুন্দৰ প্ৰতিফলন ঘটিল এই বহাগৰ এদিন নামৰ অনুষ্ঠানটোত। ঘোষক ৰূপত বিদ্যালয়ৰখনৰ ছাত্ৰী দুজনীয়ে সুন্দৰ শব্দ শৈলীৰে শুৱলা কন্ঠৰে অনুষ্ঠান আগবঢ়াই নিছিল। বিশেষকৈ দৰঙীয়া ওজাপালি,আয়তী নাম,আই নাম,হুচৰি, মহোহো,ফাকুৱা গীত, ঝুমুৰ নৃত্য,তিৱা নৃত্য,বড়ো নৃত্য, গোৱালী নৃত্য,বিয়ানাম,অসমীয়া সংস্কৃতিত সাধৰনতে লোপ পাবলৈ ধৰা চিয়া গীত ইত্যাদিয়ে। বিগত ৮ বছৰত বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ হৈ বিদ্যালয়খনে আঞ্চলিক ৰাইজ তথা সমগ্ৰ জিলা খনৰ ভাবে গৌৰব কঢ়িয়াই আনিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close