অসমশীৰ্ষ

নগাঁৱত দুৰ্বৃত্তৰ গুলীত নিহত আৰক্ষী জোৱান

নিউজ ডেস্ক, প্ৰথম খবৰ: নগাঁৱ ডুমডুমিয়াৰ বলিকটীয়াত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ গুলীত নিহত অনিল দাস নামৰ এজন কনিষ্টবল। জমছেৰ নামৰ ব্যক্তি এজনৰ ঘৰত চলি থকা জুৱাৰ আড্ডা বন্ধ কৰিবলৈ যাওতে আৰক্ষীক দেখি দুৰ্বৃত্তই গুলীচালনা কৰাত গুলীবিদ্ধ হয় কনিষ্টবলগৰাকী। ঘটনাৰ পিছত কনিষ্টবলগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে কনিষ্টবলগৰাকীক। মৃত কনিষ্টবলগৰাকীৰ  ঘৰ নগাঁৱৰ ঘাগৰীয়ালত।

এই ঘটনা সংঘটিত কৰা জালালুদ্দিন নামৰ দুৰ্ধৰ্ষ ডকাইতটোক আটক কৰি ঘটনা সন্দৰ্ভত বৰ্তমান তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

 

Related Articles

Leave a Reply

Close