অসম

নগাঁৱৰ ভালুকমাৰীত উপস্থিত ড° পীতাম্বৰ দেৱগোস্বামী

 

মানস জ্যোতি মহন্ত প্ৰথম খবৰ বটদ্ৰৱা :

“গুৰুজনাই দি যোৱা জাতীয় সত্বাৰ প্ৰসাৰ-প্ৰচাৰ আৰু বিকাশৰ বাহক সত্ৰানুষ্ঠান, জাতি জনগোষ্ঠীৰ মিলন ভূমিত সত্ৰই গঢ়িব লাগিব সম্প্ৰীতিৰ এনাজৰী” — এই মন্তব্য ঐতিহ্যমণ্ডিত আউনি আটি সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীৰ।

আজি নগাঁও জিলাৰ ভালুকমাৰীত ভকত বৈষ্ণৱৰ উষ্ম আদৰণি গ্ৰহণ কৰি সমবেত ৰাইজক সম্বোধি দিয়া ভাষণত এইদৰে মন্তব্য কৰে সত্ৰাধিকাৰগৰাকীয়ে।

চাৰি দিনীয়া এক ধৰ্মীয় কাৰ্যসূচী লৈ সত্ৰৰ ভকত সহিতে আজি বিয়লি ভালুকমাৰীত ঐতিহ্য মণ্ডিত আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী উপস্থিত হয়। সত্ৰাধিকাৰগৰাকীক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰাগাঁৱৰ পৰা ভালুকমাৰীলৈ প্ৰায় তিনি কিল’মিটাৰ পথ আয়তীৰ উৰুলি, নাম-কীৰ্তন, দেৱবাদ্য ৰ ধ্বনিৰে ৰজনজনাই তুলি বিপুল সংখ্যক ভক্ত বৈষ্ণৱে আদৰি আনে ভালুকমাৰী বৰনামঘৰলৈ।

উল্লেখ যে, সত্ৰাধিকাৰগৰাকীয়ে কাইলৈ ১২ বজালৈকে শৰণ-ভজন সমাপন কৰি বিয়লি অনুষ্ঠিত হ’ব লগা এক ধৰ্মালোচনী সভাত মূখ্য বক্তাৰূপে অংশ ল’ব। বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই উদ্বোধন কৰিব সভাখনি। আনহাতে, বৃহস্পতিবাৰে দিনৰ শৰণ ভজন কাৰ্যসূচী সমাপন কৰি বিয়লিলৈ মেলানি মাগিব সত্ৰাধিকাৰগৰাকীয়ে।

 

Related Articles

Leave a Reply

Close