অসম

নলবাৰীত আছুৰ প্ৰতিবাদ পেট্ৰোল -ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে 

 

প্ৰথম খবৰ,নলবাৰী:সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত নলবাৰী চহৰৰ মাজমজিয়াত হৰিমন্দিৰ চকত পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা উপ সভাপতিদ্বয় ভবজিৎ বেজবৰুৱা ,উৎপল কলিতা নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰুবুল বৰ্মন সাধাৰণ সম্পাদক নীলকমল বৰ্মনৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰি নৰেন্দ্ৰ মোডী নেতৃত্বধীন চৰকাৰ খনে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল -ডিজেলৰ দাম প্ৰতিদিনে বৃদ্ধি কৰি সাধাৰণ জনতাক জলা কলা খুৱাই আহিছে যদিও পৰিবৰ্তনকামী চৰকাৰ খনে আজিলৈ ব্যৱস্থা নকৰাত ক্ষোভ উজাৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাই উক্ত প্ৰতিবাদ স্থলীত কেন্দ্ৰীয় চৰকাৰ হায় হায় , নৰেন্দ্ৰ মোডী হায় হায় , পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান হায় হায় ,পেট্ৰল -ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক ,বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close