অসমশীৰ্ষ

নলবাৰীত আছুৰ বৃহৎ সমদল  মৌলবাদী আৰু আইছিছক উৎখাত কৰাৰ দাবী 

প্ৰথম খবৰ ,নলবাৰী ৪ মে :

বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংস্থা আইছিছৰ ভয়ানক কুটা ঘাটক লৈ সমগ্ৰ বিশ্ব,দেশ, ৰাজ্য তথা শেহতীয়াকৈ নলবাৰীবাসী ৰাইজেও শংকিত হৈ থকাৰ সময়তে যোৱা কালি বৃহস্পতিবাৰে নলবাৰীৰ কৈহাটিৰ খেতি পথাৰত আইছিছৰ পতাকা উৰুৱা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ,আনকি উৰি থকা পতাকা খনত লিখা আছিল – ‘জইন ইন আইছিছ ‘ বুলি ।

পিছত ৰাইজে আৰক্ষীক খবৰ দিয়াত থানালৈ নিয়ে পতাকা খন । আজি নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী চহৰত এক বৃহৎ মৌলবাদী, আইছিছ বিৰোধী সমদল উলিওৱা হয় । আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, জিলা সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদ সহ বহু সংখ্যক নেতা, কৰ্মীৰ নেতৃত্বত তথা ৰাইজৰ সহযোগত উক্ত সমদল উলিওৱা হয় । সমদলকাৰী সকলে আইছিছ হুচিয়াৰ, মৌলবাদী শক্তি হুচিয়াৰ, বাংলাদেশী গো বেক, অসমৰ মাটিৰ পৰা মৌলবাদী শক্তিক উৎখাত কৰক, শান্তি – সম্প্ৰীতি ৰক্ষা কৰক আদি শ্লোগানেৰে এক উত্তাল পৰিবেশ সৃষ্টি কৰে আৰু আইছিছৰ প্ৰতীকিও দাহ কৰে । শেষত আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মনে চৰকাৰ -প্ৰশাসক নলবাৰীয়ে নহয় অসমৰ পৰাই আইছিছ আৰু মৌলবাদী শক্তিক প্ৰতিহত কৰিবলৈ দাবী জনোৱাৰ লগতে নলবাৰীৰ কৈহাটিৰ ঘটনাৰ উচিত তদন্ত কৰি দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰো দাবী জনাই সংবাদ মাধ্যমৰ জৰিয়তে । প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম গৰীয়া -মৰিয়া দেশীয় জাতিয় পৰিষদৰ নলবাৰী জিলা সমিতি অংশ গ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Close