অসম

নলবাৰীত বিশ্ব মৌ দিৱস উদযাপন

প্ৰথম খবৰ,নলবাৰী:নলবাৰী জিলাৰ ধমধমাৰ ওচৰৰ মহিনাত গ্ৰীণ এনভাৰণমেন্ট টাক্স ফৰ্চৰ উদ্যোগত আৰু নাবাৰ্ডৰ সহযোগত আজি বিশ্ব মৌ দিৱস পালন কৰা হয়। পুৱা অঞ্চলটোত মৌ পালনৰ সজাগতা সম্পৰ্কে এটি শোভাযাত্ৰা উলিওৱা হয়।ইয়াৰ পিছতে মৌ পালন সম্পৰ্কীয় এখন সজাগতা সভাৰ আয়োজন কৰা হয়। সভাত নাবাৰ্ডৰ জিলা প্ৰবন্ধক দেবজ্যেতি বিস্বাস, জিলা উদ্যোগ কেন্দ্ৰৰ মহা প্ৰবন্ধক তাইজুদ্দিন আহমেদ,নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী স্বপন কুমাৰ শৰ্মা,বিত্তীয় স্বাক্ষৰতা পৰামৰ্শদাতা ভগৱান শৰ্মাৰ লগতে জনশক্তি বিকাশ মঞ্চৰ কৰ্মকৰ্তা সকল উপস্থিত আছিল। বিশ্ব মৌ দিৱসৰ তাৎপৰ্য বাখ্যা কৰি কৰি নাবাৰ্ডৰ জিলা মহাপ্ৰবন্ধক বিস্বাসে কয় যে মৌ পালনৰ লগতে কৃষিৰ আন আন ক্ষেত্ৰত নাবাৰ্ডে বিভিন্ন সহায় আগবঢ়াই আহিছে। অনুষ্ঠানত ভাষণ দি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক তাইজুদ্দিন আহমেদে উদ্যোগ কেন্দ্ৰৰ জৰিয়তে মৌ পালনৰ বাবে আগবঢ়োৱা বিভিন্ন আৰ্থিক সুবিধাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত বাক্সা বিকিপাৰ্ছ এণ্ড এগ্ৰ’ প্ৰডিউচাৰ কোম্পানীৰ কৰ্মকৰ্তা সকলে মৌ পালনৰ বিভিন্ন দিশ বাখ্যা কৰে। গ্ৰীণ এনভাৰমেন্ট টাক্স ফৰ্চৰ বিষয়ববীয়া দেবজিৎ বৰাই অনুষ্ঠনটোৰ আঁতধৰি মৌ পালনৰ অৰ্থনৈতিক দিশ বাখ্যা কৰে। বিশ্ব মৌ দিৱসৰ অনুষ্ঠানত অঞ্চলটোৰ ২৫০ গৰাকী মৌ পালকে অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close