শেহতীয়া
Home / অসম / নলবাৰীত ‘ভূপেন্দ্ৰ সুবাস’ উন্মোচন

নলবাৰীত ‘ভূপেন্দ্ৰ সুবাস’ উন্মোচন

প্ৰথম খবৰ,নলবাৰী: এগৰাকী গুণবান শিক্ষক,আদৰ্শ গুৰুৰ অকাল বিয়োগে এখন সমাজক,জাতিক,দেশক বহু পিচলৈ লৈ যায়।’ অধ্যাপক ভূপেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী গ্ৰন্থ ‘ ভূপেন্দ্ৰ সুবাস’ উন্মোচন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকাই এইদৰে কয় নলবাৰীৰ এক অনুষ্ঠানত। উল্লেখনীয় যে আজি নলবাৰী জিলা সাহিত্য সভাই অধ্যাপক ভূপেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে প্ৰয়াত শৰ্মাৰ জীৱনৰ দীঘ আৰু বাণি সম্বলিত সোঁৱৰণী গ্ৰন্থ ‘ ভূপেন্দ্ৰ সুবাস’ ৰ উন্মোচনী অনুষ্ঠান বৰকুৰাস্থিত প্ৰয়াত শৰ্মাৰ বাসভৱনত অনুষ্ঠিত হয়। জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত আৰু উপ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ড° হাজৰিকাই ভাষণ প্ৰসংগত আৰু কয় যে প্ৰয়াত অধ্যাপক শৰ্মাৰ দৰ্শনৰ বিষয়ে আছিল অগাধ পাণ্ডিত্য, কিন্তু নিষ্ঠুৰ সময়ে এটা বিৰল প্ৰতিভাক অকালতে লৈ গ’ল। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড° ৰাজেন্দ্ৰ নাথ শৰ্মাই ভাষণ প্ৰসংগত ভূপেন্দ্ৰ নাথ শৰ্মাৰ বেদান্ত দৰ্শনৰ জ্ঞানৰ কথা উল্লেখ কৰি কয় যে মানুহে কৰ্মৰ জৰিয়তেহে সমাজত স্থায়িত্ব লাভ কৰে। সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই সভাত দিয়া ভাষণ প্ৰসংগত কয় যে আজিৰ পৰা ভূপেন্দ্ৰ নাথ শৰ্মাৰ নৱজন্ম হ’ল। গ্ৰন্থৰ আকাৰত তেওঁৰ অপাৰ্থিব শৰীৰে বাংময় ৰূপ পালে। অনুষ্ঠানত নলবাৰীৰ বিধায়ক অশোক শৰ্মা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দামোদৰ ডেকা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য গোবিন্দ কলিতা আদিও উপস্থিত থাকে। মংগলাচৰণেৰে আৰম্ভ হোৱা সভাৰ পূৰ্বে ভূপেন্দ্ৰ নাথ শৰ্মাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে তেওঁৰ পৰিবাৰ ৰাস্না দেৱী চৌধুৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*