অসম

নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ অবস্থান ধৰ্মঘট   নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী 

 

প্ৰথম খবৰ, নলবাৰী , ৭ মে :

নাগৰিকত্ব আইন ২০১৬ সংশোধনী বিধায়ক বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত জিলা কাৰ্যালয় প্ৰাংগনত দুই ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী, সভাপতি মৃণাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত উক্ত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বহু সংখ্যক কৰ্মী উপস্থিত থকা কাৰ্যসূচীত সংগঠনটোৰ নেতা সকলে কয় যে – জাতীয় নায়ক মূখ্য আসনত থকা তথা জাতি মাটি আৰু ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যত ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে কিহৰ স্বাৰ্থত অবৈধ প্ৰব্ৰজনকাৰীক ধৰ্মৰ ভিত্তিত শ্ৰেণী ভাগ কৰি নাগৰিকত্ব প্ৰদানৰ বাবে উঠি পৰি লাগিছে সেয়া বিচাৰ্য্যৰ বিষয় ।

একেদৰে গুৱাহাটীত এটা দিনৰ বাবে ৰাজহুৱা শুনানিৰ বাবে ব্যৱস্থা কৰিলে যদিও বৰাকত দুদিন  কৰিলে,এয়া ষড়যন্ত্ৰ বুলি হে প্ৰমাণ হল ।

আগন্তুক সময়ত পুনৰ জাতীয় সংগঠন সমূহক পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দিয়াৰ দাবী জনাইছে সংগঠনটোৰ জিলা সমিতিয়ে , লগতে অসম তথা অসমৰ জাতিয় জীৱনক ভয়ংকৰ ভাবে ক্ষতি কৰিব পৰা, হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে উত্থাপন কৰিব লগা এনে জাতি ধবংসী বিধায়ক (আইন )ৰ বিৰুদ্ধে( ৰাজনৈতিক দৰ্শন বাদ দি ) প্ৰতিজন অসমীয়াই একতাৰে প্ৰতিবাদ কৰিবলৈও সংগঠনটোৰ জিলা সমিতিয়ে আহ্বান জনায় ।
ধৰ্মঘট স্থলিত কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰক, জাতীয় নায়ক সৰ্বানন্দ সোনোৱাল হায় হায়, বিজেপি নেতৃত্বাধীন চৰকাৰ হুচিয়াৰ, হিন্দু বাংলাদেশী নাগৰিকত্ব আইনৰ সংশোধনী বাতিল কৰক শ্লোগানেৰে উত্তাল কৰে সংগঠনটোৰ কৰ্মী সকলে ।

Related Articles

Leave a Reply

Close