অসমশীৰ্ষ

নলবাৰীৰ গনেশ মন্দিৰৰ চুৰি কাৰ্যৰ লগত জড়িত তিনিজন চোৰক আটক 

 

প্ৰথম খবৰ , নলবাৰী,২মে :
নলবাৰী চহৰৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত থকা গনেশ মন্দিৰ চকৰ পুৰনি গনেশ মন্দিৰটোৰ পৰা এটা লোৰ আলমিৰা সহ নগদ চল্লিশ হাজাৰ টকা চুৰি কৰি নিয়া তিনি গভাইত চোৰক আজি আটক কৰা হৈছে। নলবাৰী আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি জিলা খনৰ বালিকুছিৰ পৰা তিনিও জনকে গ্ৰেপ্তাৰ কৰিছে।এই গভাইত চোৰ তিনিটা হল ৰস্তুম আলী ( ৩৫ ) ,আতিকুৰ ৰহমান ( ৩২) আৰু ৱাহিদুৰ ৰহমান ( ৩২)।এই তিনিওটা গভাইত চোৰে সোমবাৰে নিশা গনেশ মন্দিৰৰ পৰা টকা সহ গডৰেজ আলমিৰাটো চুৰি কৰি নিছিল।পিছত তিন চোৰে পাগলাদিয়া নৈৰ পাৰত আলমিৰাৰ তলা ভাঙি নগদ ধনখিনি লৈ উধাও হৈছিল । অবশ্যে আলমিৰাটো নৈত পেলাই দিয়া অৱস্থাত উদ্ধাৰ হৈছিল ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close