শেহতীয়া
Home / অসম / নলবাৰী-হাজো পথৰ জৰাজীৰ্ণ অৱস্থা,টায়াৰ জ্বলাই ৰাইজৰ পথ অৱৰোধ

নলবাৰী-হাজো পথৰ জৰাজীৰ্ণ অৱস্থা,টায়াৰ জ্বলাই ৰাইজৰ পথ অৱৰোধ

প্ৰথম খবৰ,নলবাৰী: আজি নলবাৰী-হাজো গড়কাপ্তানি পথৰ নলবাৰী কুচিয়াৰা চকত ৰাইজে পথটোৰ দূৰৱস্থাৰ বাবে মাজপথত গাড়ীৰ টায়াৰ জ্বলাই প্ৰায় এক ঘণ্টা ধৰি পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে নলবাৰী-হাজো পথটোৰ মৰোৱা পৰা মুগকুছিলৈ বিভিন্ন অংশ ভাঙি একোটা একোটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে। যাৰ বাবে পথটোৰে অহা যোৱা কৰা পথচাৰী দূৰ্ঘটনাত পতিত হৈ বহু লোক আঘাতপ্ৰাপ্ত হৈছে। সেইবাবে আজি বৰকুৰিহা গাঁৱৰ ৰাইজে পথটোৰ মাজত টায়াৰ জ্বলাই, কলপুলি পুতি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰী সকলে পৰিবৰ্তনকামী বিজেপি চৰকাৰ হায় হায়, মূখ্যমন্ত্ৰী মুৰ্দাবাদ,গড়কাপ্তানি বিভাগ হায় হায়,নলবাৰী-হাজো পথ শীঘ্ৰে নিৰ্মাণ অথবা মেৰামতি কৰক আদি শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে নলবাৰীৰ কুচিয়াৰা চক। ফলত পথটো কিছু সময়ৰ বাবে যান বাহন আবদ্ধ হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*