অসমশীৰ্ষ

নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবী, দুলীয়াজানৰ ৰাজপথত মোডীৰ পুত্তলিকা জ্বলাই ১২ টাকৈ সংগঠনৰ উত্তাল প্ৰতিবাদ 

প্ৰথম খবৰ দুলীয়াজান ,৭ মে’ :

নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত আজি শুনানি গ্ৰহণ চলি থকা সমান্তৰালকৈ ভাষা-জাতিৰ অস্বিত্ব ৰক্ষাৰ দাবীত সৰৱ হৈ উঠিছে দুলীয়াজানৰ ১২ টাকৈ দল-সংগঠন । তেলনগৰীৰ ৰাজপথত প্ৰধানমন্ত্ৰী মোডীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰে প্ৰতিবাদী দল-সংগঠনকেইটাই । (সংশোধনী) বিধেয়কখন বাতিলৰ দাবী তুলি সংগঠনকেইটাই তেলনগৰীৰ মুখ্য বাণিজ্যিক স্হলী অইল মাৰ্কেটৰ সন্মুখত আজি দুপৰীয়া মোডীৰ পুত্তলিকা দাহেৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰৰ বিৰুদ্ধে প্ৰৱল বিক্ষোভ প্ৰদৰ্শন কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , মটক যুৱ ছাত্ৰ সন্মিলন , চুতীয়া যুৱ সন্মিলন , অসম চাহ জনজাতি ছাত্ৰ সন্হা , মটক মহিলা পৰিষদ , অনুসূচিত জাতি যুৱ ছাত্ৰ সন্হা , টাইপা , দুলীয়াজান স্ব-নিয়োজিত ই-ৰিক্সা সন্হা , মানৱ অধিকাৰ সংগ্ৰাম সমিতি , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি , বৃহত্তৰ অসমীয়া মহিলা মঞ্চ আৰু সদৌ অসম নিবনুৱা পৰিষদে আজি ৰূপায়ণ কৰা আন্দোলনৰ পৰৱৰ্তী অংশ হিচাপে কাইলৈ দুলীয়াজানৰ মাজমজিয়া পিপলতলত পুৱা ভাগৰ পৰা অনশন কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি সদৰী কৰিছে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close