অসম

নাগৰিকত্ব আইন সংশোধন বিধেয়ক ২০১৬ৰ বিৰুদ্ধে তেজপুৰত আছু প্ৰতিবাদী সমদল

তেজপুৰৰপৰা অপূৰ্ব বৰা,প্ৰথম খবৰ: সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ তেজপুুৰত আছুৰ জিলা সমিতিয়ে অসমীয়া বিৰোধী ৰূপে বিবেচিত হোৱা নাগৰিকত্ব আইন সংশোধন বিধেয়ক ২০১৬ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে জনসাধাৰণ।শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু তেজপুৰীয়া পাঁচ শতাধিক জনসাধাৰণে আজি তেজপুৰ চহৰৰ মাজমজিয়াৰে জোঁৰ সমদল কৰি বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে শ্লোগান দি তেজপুৰৰ আকাশ বতাহ কপাই তোলে। নাগৰিকত্ব সংশোধন বিধেয়কৰ বিৰোধিতা কৰি তেজপুৰৰ গৰৈমাৰীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাবস্ত্য কৰে।

Related Articles

Leave a Reply

Close