Home / অসম / নাগৰিকত্ব আইন সংশোধন বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে কাকপথাৰত জোঁৰ সমদল

নাগৰিকত্ব আইন সংশোধন বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে কাকপথাৰত জোঁৰ সমদল

প্ৰথম খবৰ,কাকপথাৰ: সাম্প্ৰতি অসমৰ সংবাদ শীৰ্ষত থকা তথা অসম আৰু অসমীয়া বিৰোধী ৰূপে বিবেচিত হোৱা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে আজি কাকপথাৰৰ ৰাজপথলৈ ওলাই আহিছে শ-শ জণগণ। সদৌ অসম ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ আহ্বানত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি,সদৌ মৰাণ ছাত্ৰ  সন্থা কাকপথাৰ আঞ্চলিক,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি, সদৌ অসম চাহ জনজাতী ছাত্ৰ সন্থা কাকপথাৰ উপ শাখা গোট,টাই আহোম ছাত্ৰ সন্থাকে আদি সংগঠন সমোহৰ লগতে প্ৰায় ৫ শতাধিক জনসাধাৰণে আজি কাকপথাৰ ৰাজহুৱা খেলপথাৰৰপৰা বাহিৰ কৰি বিতৰ্কিত বিধেয়কখনৰ বিৰোধে শ্লগান দি অঞ্চলটোৰ আকাশ বতাহ কপাই তোলে। সংগঠন কেইটাই বিধেয়কখন বাতিল নকৰিলে অনাগত দিনত ৰে’ল পথ অৱৰোধৰ দৰে আন্দোলন কৰিব বুলি প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*