অসম

নাগৰিকত্ব সংশোধনী বিধয়েক বাতিলৰ দাবীত ডিগবৈত প্ৰতিবাদী সমদল পথ অবৰোধ

প্ৰথম খবৰ,পেঙেৰীঃ নাগৰিকত্ব সংশোধনী বিধয়েক ২০১৬ ৰ বিৰুদ্ধে তৈল নগৰী ডিগবৈতো প্ৰতিবাদ সাব্যস্থ হ’ল৷ বিধয়েকখনৰ বিৰোধিতা কৰি আজি ৰাজপথলৈ ওলাই আহিল অঞ্চলটোৰ বিভিন্ন দল সংগঠন৷ দিনৰ ভাগত ডিগবৈৰ ছহিদ বেদী তিনিআলিৰ পৰা বিভিন্ন দল সংগঠনৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ,প্লে কাৰ্ড লৈ কেন্দ্ৰিয় চৰকাৰ মূৰ্দাবাদ,ৰাজ্য চৰকাৰ মূৰ্দাবাদ,সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ,জাতীয় নায়ক মূৰ্দাবাদ আদি ধৰ্ণা শ্লগানৰে আকাশ বতাহ কপাই সমদল কৰি আহি চাৰিআলিত উপস্থিত হয়৷ প্ৰতিবাদকাৰীসকলে চাৰিআলিত উপস্থিত হৈ ব্যস্থপূৰ্ণ ৩৮ নং ৰাজপথতে অবস্থান কৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ ফলত ৰাজপথছোৱা অবৰোধ হৈ পৰে৷ লেখক সাহিত্যিক পুন্য শইকীয়া, আলফাৰ যুদ্ধবিৰতি নেতা জিতেন দত্তকে প্ৰমুখ্য কৰি অঞ্চলটোৰ সকলোবোৰ দল সংগঠন ক্ৰমে আছু,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,মৰাণ ছাত্ৰ সন্থা,তাই আহোম ছাত্ৰ সন্থাকে ধৰি ডিগবৈবাসী ৰাইজে এই প্ৰতিবাদত অংশ গ্ৰহণ কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close