অসম

নাগৰিকত্ব সংশোধনী বিধেয়কে সংবিধানৰ অধিকাৰ খৰ্ব কৰিব-ৰবীন মিশ্ৰ

প্ৰথম খবৰ,নলবাৰী:আজি চি পি আই (এম ) নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰীৰ সুধাকণ্ঠ ভূপেন হাজৰিকা শিশু উদ্যানত অসমবিৰোধী হিন্দু বাংলাদেশী নাগৰিকত্ব (সংশোধনী ) বিধায়ক আৰু ঐতিহ্যমণ্ডিত ক্ষেত্ৰ সমূহ ব্যক্তিগত খণ্ডত গোটোৱাৰ বিৰুদ্ধে বাওঁপন্থী দলটোই অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।  বাওঁপন্থী দলটোৰ জিলা সম্পাদক উমেশ দত্তই আতঁ ধৰা কাৰ্যসূচীত দলটোৰ শতাধিক কৰ্মীয়ে মোডী চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰৰ পুতলা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায়,বিজেপি মুৰ্দাবাদ, বিজেপিয়ে ঐক্য ধবংস কৰা নীতি বন্ধ কৰক,হিন্দু বাংলাদেশী অসমত সংস্থাপিত কৰিব দিয়া নহব, অসমবিৰোধী নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬ বাতিল কৰক,অসমৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰ সমূহ ব্যক্তিগত খণ্ডক দিয়া নচলিব, অগপৰ দুমুখীয়া চৰিত্ৰ নচলিব আদি শ্লোগানেৰে ধৰ্মঘট স্থলি উত্তাল কৰি তোলে। কাৰ্যসূচীত ভাষন ৰাখি বিশিষ্ট বাঁওপন্থী নেতা ৰবীন মিশ্ৰই কয় যে-হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব দি সংস্থাপিত কৰিলে অসম পুৰন জ্বলিব। এয়া হঠকাৰি সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ । অসমবিৰোধী নাগৰিকত্ব (সংশোধনী ) বিধায়কখনে ধৰ্মৰ ভিত্তিত অবৈধ অনুপ্ৰবেশকাৰীক নাগৰিকত্ব দিব বিচৰা হৈছে। যি ভাৰতীয় গণৰাজ্য ধৰ্মনিৰপেক্ষ গনতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংবিধান বিৰোধী। এই সংশোধনীয়ে অসমৰ জনগাঁথনি আৰু আৰ্থ সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত ক্ষতি কৰিব। তেনেদৰে ১৯৭১ চনৰ ২৪ মাৰ্চক ভিত্তি কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এন আৰ চিৰ কাম হাতত লোৱাৰ সময়তে এনে বিধায়ক গ্ৰহণ কৰিলে অসমত সমগ্ৰ প্ৰক্ৰিয়াটো অৰ্থহীন হৈ পৰিব বুলি দোহাৰে। তেওঁ ৰাজ্যৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰ সমূহ কেন্দ্ৰীয় বিজেপি নেতৃত্বাধীন চৰকাৰে কৌশলেৰে ব্যক্তিগত খণ্ডত দিব বিচৰাতো হাস্যকৰ বুলি দোহাৰে । কাৰণ অসমৰ ৰাজহুৱা অনুষ্ঠানত অসমীয়া ৰাইজৰ আবেগ জৰিত আছে বুলি কৈ এই ক্ষেত্ৰত তীব্ৰ বিৰোধীতা কৰে । ইফালে অসমৰ বিজেপি চৰকাৰে ষ্পষ্ট কৰক হিন্দু বাংলাদেশীৰ বিষয়ত কি নীতি লৈছে বুলিও তেওঁ দোহাৰে । অবস্থান ধৰ্মঘট স্থলিত ভাষন ৰাখি আন এজন বাওঁপন্থী নেতা জগত গোস্বামীয়ে কয় যে – বিজেপি নেতৃত্বাধীন ভাৰত চৰকাৰে মইমতালিৰে হিন্দু বাংলাদেশী অসমক গটাই দিলে তাৰ পৰিণাম আগন্তুক সময়ত অসমৰ ৰাইজে ভোগ কৰিব লাগিব । গতিকে এই অসমবিৰোধী বিধায়ক খনৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজে ঐক্যবদ্ধ ভাবে সংগ্ৰাম গঢ়ি তোলাৰ প্ৰয়োজন । বিজেপি নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ পালন কৰিব নোৱাৰিলে আজিলৈ । কিন্তু এতিয়া একাংশ অসমবিৰোধী সিদ্ধান্ত লৈ ৰাইজক উপহাস হে কৰা পৰিলক্ষিত হৈছে। সেয়া কেন্দ্ৰৰ বিজেপি হক বা অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে হক বুলি দোহাৰে। এয়াই বিজেপিৰ পৰিবৰ্তন আৰু অসমৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ যে কোনো সদিচ্ছা নাই সেয়াও প্ৰমাণ হবলৈ ধৰিছে বুলি মন্তব্য কৰে বাওঁপন্থী নেতা গোস্বামীয়ে। আনহাতে ৰাজ্য চৰকাৰৰ সহযোগী দল অগপৰ দুমুখীয়া নীতি বা চৰিত্ৰ ৰাইজে উপলব্ধি কৰিছে। আগন্তুক সময়ত অগপ দলকো ৰাইজে উচিত শিক্ষা দিব বুলি গোস্বামীয়ে অগপক কটাক্ষ কৰে।

Related Articles

Leave a Reply

Close