অসম

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি উত্তাল মৰাণ

প্ৰথম খবৰ মৰাণ :

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি মৰাণত এখন সভাত অংশগ্ৰহন কৰি শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৃষক নেতা অখিল গগৈ ৷ মৰাণৰ হাজোৱা চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহন কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক জাতীয় স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায় ৷ অহা কালি গুৱাহাটীত অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটৰ ওপৰত বিদেশী সমস্যাক লৈ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সৈতে এখন সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে অখিল গগৈয়ে য’ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু বিদেশী বিতাড়নৰ সম্পৰ্কত এক উমৈহতীয়া সিদ্ধান্ত গ্ৰহন কৰা হ’ব ৷

Related Articles

Leave a Reply

Close