অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ৰ তীব্ৰ বিৰোধিতাৰে সদৌ অসম কবি সন্মিলনৰ স্মাৰক পত্ৰ দাখিল নগাঁৱৰ উপায়ুক্তক

প্ৰথম খবৰ,জাজৰি: অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি সদৌ অসম কবি সন্মিলনে আজি অসমৰ প্ৰতিখন জিলাত ভাৰত চৰকাৰৰ যুটীয়া সংসদীয় সমিতিলৈ উপায়ুক্তৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া,উপদেষ্টা পৰাণ কুমাৰ বৰুৱা,মোলান লষ্কৰ,কৈলাশ কুমাৰ ৰাজখোৱা,জেউতি হাজৰিকা,কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মদাৰজ্যোতি,কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী,মনোনীত সদস্য শিৱপ্ৰসাদ বৰা,আমন্ত্ৰিত সদস্য চন্দন গোস্বামী,নতুন কবিতাৰ হাচিনা মমতাজ,জিলা সহকাৰী সম্পাদক দীপানজু বৰা, দীপজ্যোতি কাকতি,বাৰপূজীয়া কবিতা নিকেতনৰ সম্পাদক হেমন্ত নাথ , জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰবী লিগিৰা,সম্পাদক নন্দেশ্বৰ নাথ,ৰণাংগনৰ সম্পাদক মিন্টু দাস, ৰশ্মিৰেখা দেৱী, নিলোৎপল নাথ প্ৰমূখ্যে সন্মিলনৰ নেতৃবৃন্দৰ উপস্থিতিত দাখিল কৰা স্মাৰক পত্ৰত বিধেয়কৰ তীব্ৰ বিৰোধ কৰাৰ কাৰণ সমূহ পাঁচটা দফাত ফঁহিয়াই আলোচনা কৰা হয়৷ অসমৰ ভাষিক গাঁঠনিত পৰিব পৰা বিৰূপ প্ৰভাৱ,খিলঞ্জীয়া ভূমিপুত্ৰৰ আৰ্থ ৰাজনৈতিক অধিকাৰ সংকুচিত কৰি প্ৰব্ৰজিত বিদেশীৰ প্ৰভাৱ বিস্তাৰৰ বাট সুগম কৰা,অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ অসম চুক্তিক ধুলিস্যাৎ কৰা,ভাৰতবৰ্ষৰ ক্ষুদ্ৰ তাঙৰণ স্বৰূপ অসমৰ বৈচিত্ৰময় সাংস্কৃতিক স্বকীয়তাক নিঃশেষ কৰা আৰু ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা বিদেশী নাগৰিকক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ প্ৰক্ৰিয়াক মষিমূৰ কৰাৰ দৰে অসমীয়া জাতিৰ বাবে ষ্পৰ্শকাতৰ বিষয় সমূহৰ ষড়যন্ত্ৰহেন বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াক পৰিহাৰ কৰিবলৈ সদৌ অসম কবি সন্মিলনে সজোৰে দাবী জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close