অসমশীৰ্ষ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দুলীয়াজানত ৪ সংগঠনৰ হুংকাৰ , “অসম আন্দোলনতকৈ ভয়াবহ পৰিস্হিতিৰ সৃষ্টি হ’ব”  জোঁৰ লৈ প্ৰতিবাদ

 

প্ৰথম খবৰ দুলীয়াজান , ১৩ মে’:

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে সমগ্ৰ ৰাজ‍্যতে অগ্নিগৰ্ভা পৰিস্হিতিৰ মাজতে আজি তেলনগৰীৰ ৰাজপথত পুনৰ জোঁৰ লৈ উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰে আটাছুকে ধৰি ৪ টাকৈ সংগঠনে । দুলীয়াজান আঞ্চলিক সদৌ অসম টাই আহোম ছাত্ৰ সন্হা , বৃহত্তৰ অসমীয়া যুৱ মঞ্চ , সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্হা , সদৌ অসম গোৰ্খা ছাত্ৰ সন্হাৰ শতাধিক সদস‍্যই অসম আৰু অসমীয়াৰ অস্তিত্বৰ ৰক্ষাৰ্থে দুলীয়াজান ৰাজপথত প্ৰতিবাদী সমদল বাহিৰ কৰে । আজি সন্ধিয়া ৮ বজাত দুলীয়াজান ৰেল ষ্টেচনৰ পৰা বিহুতলীলৈকে প্ৰায় ৩ কি.মি পথছোৱা হাতে হাতে জোঁৰ লৈ প্ৰতিবাদী শ্ল’গানেৰে এই সমদল বাহিৰ কৰা হয় । আটাছুৰ নেতা ৰূপম গগৈয়ে ক্ষোভেৰে কয় — নাগৰিক সংশোধনী বিধেয়ক গৃহীত কৰি মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে লাখ লাখ বিদেশীক অসমৰ ওপৰত জাপি দিয়াৰ চেষ্টা চলাইছে । ইয়াৰ পৰিপ্ৰেক্ষিতত অসমৰ জনবিন‍্যাস , ভাষা -সংস্কৃতি সামৰি ইয়াৰ ভৌগোলিক পৰিবেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব । জাতিটোলৈ সংকট নমাই অনা এই আইনখন যদিহে অতি সোনকালে বাতিল নহয় , তেন্তে অনাগত দিনত অসম আন্দোলনতকৈ ভয়াবহ পৰিস্হিতিৰ সৃষ্টি হ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদী সংগঠনকেইটাই । এই প্ৰতিবাদী সমদলত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতি মানসজ‍্যোতি বৰুৱা প্ৰমুখ‍্যে কৰি আন সংগঠনৰ কেইবাগৰাকী জিলা পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close