অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল,মুকালমুৱাত কংগ্ৰেছৰ প্ৰতিবাদ  বিমানবন্দৰ সমুহ ব্যক্তিগত খণ্ডক গতোৱাৰ বিৰোধিতাৰে সৰৱ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভূমিধৰ বৰ্মন 

 

বৰক্ষেত্ৰীৰ পৰা জয়ন্ত ডেকা প্ৰথম খবৰ, ১৬ মে: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাৱীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ ব্যতিক্ৰম নহয় বৰক্ষেত্ৰী ৷ আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাৰ মাজমজিয়াত ছয় শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতত বেনাৰ,প্লে কাৰ্ড লৈ বিধেয়কখনৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ মুকালমুৱাৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা প্ৰতিবাদী কাৰ্য্যসুচীটোত অংশ গ্ৰহন কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভূমিধৰ বৰ্মনে ৷ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত তথা বৰক্ষেত্ৰী এন.এচ.ইউ.আইৰ সহযোগত মুকালমুৱা ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী কাৰ্য্যসুচীটো ৰূপায়ন কৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া জনৰ জড়িয়তে জে.পি.চিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালালৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছে ৷ প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক অাইন বাতিল কৰক, বি.জে.পি চৰকাৰ হায়,হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্য্যসুচীটোত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভুমিধৰ বৰ্মনে অংশগ্ৰহন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ জনসাধৰনে জাতি,ধৰ্ম,নিৰ্বিশেষে ওলাই অহা কাৰ্য্যক ৪২ ৰ গণ আন্দোলনৰ লগত তুলনা কৰি অসমৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী জনে ৷ ইপিনে কেন্দ্ৰীয় চৰকাৰে এইবাৰ বিমানবন্দৰ সমুহ ব্যক্তিগত খণ্ডক গতোৱাৰ যি ষড়যন্ত্ৰ ৰচিছে তাক লৈ যেনেধৰনে ৰাজ্য চৰকাৰে অসমৰ জনসাধৰনৰ প্ৰতিবাদৰ সম্মুখীন হৈছে নি: সন্দেহে এই সিদ্ধান্ত চৰকাৰেও বিৰোধিতা কৰিবলৈ বাধ্য হৱ ৷ ডা: ভূমিধৰ বৰ্মনে এই বুলিও কয় যে সমাজবাদী ৰাষ্ট্ৰত ব্যক্তিগত কৰনৰ কোনো স্থান নাই আমি যিকোনো ব্যক্তিগত কৰনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close