অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত খুমটাইত কংগ্ৰেছৰ গণ প্ৰতিবাদ 

প্ৰথম খবৰ, খুমটাই: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে খুমটাইৰ ৰাজপথ উত্তাল কৰিলে কংগ্ৰেছে। কঠালগুৰি ব্ল’ক কংগ্ৰেছ কমিটীৰ উদ্যোগত আজি নাগৰিকত্ব আইন বাতিলৰ দাবীত উলিওৱা হয় এক বৃহৎ প্ৰতিবাদী সমদল।

কংগ্ৰেছ কৰ্মীসকলে বিভিন্ন শ্লো’গানেৰে খুমটাইৰ আকাশ বতাহ কপাই তোলে। খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈৰ নেতৃত্বত উলিওৱা এই গণ প্ৰতিবাদী সমদলে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়া ডা: মণিকা বৰা যোগেদি যুটীয়া সংসদীয় সমিতি লৈ স্মাৰক পত্ৰ লগতে সংশোধনী বিধেয়ক বাতিলৰ দাবীত দহ হাজাৰ গণ স্বাক্ষৰ সম্বলিত এক পত্ৰ প্ৰেৰণ কৰে ।

Related Articles

Leave a Reply

Close